অসম আৰক্ষীৰ উপ পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তই নতুন মোৰ লৈছে ৷ বিশেষকৈ দুর্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা জোনমণিৰ দুটা মোবাইল ফোন উদ্ধাৰ হোৱাৰ পাছত তদন্তই নতুন দিশে গতি কৰাৰ সম্ভাৱনা আছে ৷ আজি এই ঘটনাত চিবিআইয়ে জেৰা চলাইছে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক (এছপি) লীনা দলেক ৷ বর্তমানৰ হাইলাকান্দিৰ এছপি গৰাকীক পুৱা ১০.৩০ বজাৰ পৰা নগাওঁ আৱর্ত ভৱনত জেৰা কৰা হৈছে ৷
লক্ষণীয় যে ইয়াৰ পূর্বে নগাৱঁৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষককে ধৰি বহুসংখ্যক আৰক্ষী বিষয়া –কনিষ্টবলক চিবিআইয়ে জেৰা কৰিছিল ৷কিন্তু ইমানদিনে চিবিআইয়ে লীনা দলেক কিয় জেৰা কৰা নাছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি চিবিআইৰ তিনিজনীয়া এটা শীর্ষ বিষয়াৰ দলে আজি লীনা দলেক সোধাপোচা কৰিব ৷
উল্লেখ্য যে দুর্ঘটনাৰ নিশা লীনা দলেৰ নেতৃত্বত এটা দলে জোনমণি ৰাভাৰ চৰকাৰী বাসগৃহত অভিযান চলায় নগদ ধন আৰু নথিপত্ৰ জব্দ কৰিছিল ৷ এই ঘটনায়ো সমগ্ৰ দুর্ঘটনাটোকে অধিক ৰহস্যজনক কৰি তোলে ৷