ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে কামৰূপতো জিলা পৰিবহন বিভাগে যান-বাহনৰ বকেয়া কৰ সংগ্ৰহৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ সেই অনুসৰি ৩১ মাৰ্চক বকেয়া কৰ পৰিশোধৰ বাবে অন্তিম দিন ধাৰ্য কৰি জিলাখনৰ বিভিন্ন যান-বাহনৰ গৰাকীসকলৰ মাজত কৰ পৰিশোধ সম্পৰ্কত জন সজাগতা সৃষ্টি কৰা হৈছে৷ ইয়াৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা হৈছে৷
উল্লেখযোগ্য যে সময়মতে এই কৰ পৰিশোধ নকৰিলে জৰিমনা ভৰিব লাগিব৷ তদুপৰি বাহনৰ পঞ্জীয়ন পৰ্যন্ত বাতিল হ’ব পাৰে৷
জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই জিলাখনৰ প্ৰতিগৰাকী নাগৰিককে সময়মতে এই কৰ পৰিশোধ কৰি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়াৰ লগতে পৰিবহন ব্যৱস্থা সুচল কৰি ৰাজ্যখনৰ উন্নয়নত বৰঙনি যোগাবলৈ বিনম্ৰ আহ্বান জনাইছে৷