অসমৰ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰৰ বাবে দুটা ছিট সংৰক্ষণ কৰিছে। ইতিমধ্যে ৰাজ্যিক কেবিনেটত প্ৰস্তাৱটো অনুমোদিত হৈছে।
ভূটানৰ ছাত্ৰৰ বাবে ২ টা ছিটৰ সংৰক্ষণে অসম আৰু ভূটানৰ সম্পৰ্ক অধিক গভীৰ কৰি তুলিব বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰে।
এইবছৰৰ কভিদ ১৯ ৰ দ্বিতীয় ঢৌৰ আক্ৰমণৰ সময়ত ভূটানে অসমক অক্সিজেনৰ যোগান ধৰিছিল। আনকি ভূটানে অক্সিজেন প্লাণ্ট স্থাপনটো সহায় কৰিছিল। অতিমাৰীৰ সময়ত ভূটানে কৰাৰ সহযোগিতাৰ বাবে কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
ভূটানৰ ছাত্ৰৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়ত পদ সংৰক্ষণে অসম আৰু ভূটানৰ সম্পৰ্কক এক অনন্য মাত্ৰা প্ৰদান কৰিব।