বিশেষ ভাৱে সক্ষম যুৱতী সোণাৰিৰ প্ৰিন্সি গগৈ যি কেতিয়াও জীৱন যুঁজত হাৰ মনা নাই। গুৱাহাটীৰ চিকিৎসালয় নেমকেয়াৰ হাস্পিতালত ত কৰ্মৰত আৰু শ্ৰীমন্ত পুৰত ভাড়াতীয়া হিচাপে থকা প্ৰিন্সি বিবাহ পাশত আবদ্ধ হৈছিল গহপুৰৰ যুৱক পৰাগ দাসৰ সৈতে।
কিন্তু পৰাগৰ সৈতে প্ৰেম বিবাহ বুলি সংবাদ মাধ্যমক অৱগত কৰাৰ পিছত প্ৰিন্সিয়ে শেহতীয়াকৈ অভিযোগ কৰিছে যে তেওঁ পৰাগৰ সৈতে স্বইচ্ছাত বিয়াত বহা নাছিল।
সমগ্র ঘটনা বৰ্ণনা কৰি সংবাদ মাধ্যমক তেওঁ জনাই যে ১৪ অক্টোবৰৰ পুৱা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত প্ৰিন্সি অপহৃত হৈছিল। পৰাগ দাস আৰু তেওঁৰ ভগ্নীয়ে এখন গাড়ীত ভৰাই অপহৰণ কৰা প্ৰিন্সিয়ে গাড়ীৰ ভিতৰত হুলস্থুল কৰাত পানীৰ সৈতে নিচাযুক্ত দ্ৰব্য মিহলাই দিছিল যাক সেৱন কৰাৰ পিছত প্ৰিন্সি অজ্ঞান হৈ পৰিছিল। গহপুৰলৈ নি তেওঁক কইনাৰ সাজ পিন্ধাই বিয়াত বহিবলৈ বাধ্য কৰা হৈছিল। বিয়াৰ পিছত ঘৰৰ মানুহেৰে যোগাযোগ কৰাত তেওঁৰ মাতৃ আৰু পৰিয়ালৰ বাকী লোক আৰক্ষীৰ কাষ চাপে। ঘাঁহিগাওঁ থানাত প্ৰিন্সিয়ে বিয়াত বহাৰ কথা স্বীকাৰ কৰে যদিও আৰক্ষীৰ সহায়ত পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী লৈ অনাৰ পিছত বিপৰীত ভাষ্য কৰে সোণাৰিৰ জীয়ৰী প্ৰিন্সিয়ে।
আনহাতে গুৱাহাটীত চাউণ্ড ইঞ্জিনিয়াৰিং কৰি থকা পৰাগৰ প্ৰিন্সিৰ সৈতে ছমাহ জুৰি প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিবলৈ দিয়ে। পৰাগৰ মতে প্ৰিন্সিৰ ইচ্ছা মতেহে পৰাগে তেওঁক নিজৰ ঘৰলৈ লৈ গৈছিল। ঘৰৰ মানুহৰ হেচাত হে প্ৰিন্সিয়ে নিজৰ ভাষ্য সলনি কৰিছে আৰু এই ক্ষেত্ৰত আইনৰ দ্বাৰা নিৰপেক্ষ মতামত পাব বুলি পৰাগ আশাবাদী। লগতে পৰাগে কয় যে ছমাহ জুৰি প্ৰিন্সিৰ স’তে থকা তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ কিছু প্ৰমাণো তেওঁৰ ওচৰত আছে ।