শেহতীয়াকৈ ব্ৰিটিছ জাৰ্নেল অৱ স্প’ৰ্টছ মেডিচিনত প্ৰকাশিত এক গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি প্ৰতিদিনে মাত্ৰ ১১ মিনিট খৰকৈ খোজ কাঢ়িলে অকাল মৃত্যুৰ আশংকা বহু পৰিমাণে ৰোধ কৰিব পৰা যায়।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰতিদিনে কমেও ১১ মিনিট বা প্ৰতি সপ্তাহত ৭৫ মিনিট সময় খোজ কাঢ়িলে অথবা শাৰিৰীক অনুশীলন কৰিলে হৃদৰোগ, ষ্ট্ৰোক আৰু কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে।
মধ্যমীয়াৰ পৰা জোৰদাৰ ব্যায়ামে মানুহৰ হৃদস্পন্দন বৃদ্ধি কৰে আৰু দ্ৰুত উশাহ লোৱাত সহায় কৰে। সহজ ব্যায়াম বাছি লৈ মৃত্যুৰ আশংকা এৰাই চলিব পাৰি। মধ্যমীয়াৰ পৰা জোৰদাৰ শাৰীৰিক কাৰ্য্যকলাপৰ ভিতৰত দৈনন্দিন জীৱনত দ্ৰুত খোজ কঢ়া, চাইকেল চলোৱা, হাইকিং, নৃত্য আৰু টেনিছ বা বেডমিণ্টনৰ দৰে খেল আদি ৰাখিব পাৰে।
গৱেষকসকলে প্ৰদান কৰা তথ্য অনুসৰি ২০১৯ চনত হৃদৰোগ আৰু ষ্ট্ৰোকৰ দৰে হৃদযন্ত্ৰৰ ৰোগৰ বাবে ১ কোটি ৭৯ লাখ লোকৰ মৃত্যু হৈছিল। ২০১৭ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ৯৬ লাখ লোকে প্ৰাণ হেৰুৱাইছিল। গৱেষকসকলে দাবী কৰিছে যে সপ্তাহত ৭৫ মিনিট মধ্যমীয়াৰ পৰা জোৰদাৰ ব্যায়ামৰ ফলত অকাল মৃত্যুৰ সম্ভাৱনা ২৩ শতাংশ হ্ৰাস পাব পাৰে। গৱেষকসকলে দাবী কৰিছে যে যদি আপুনি সপ্তাহত ১৫০ মিনিট ব্যায়াম কৰে তেন্তে উন্নত ফলাফলৰ আশা কৰিব পাৰে ৷ গৱেষকসকলে ভাবে যে সপ্তাহত ৭৫ মিনিটৰ পৰা আৰম্ভ কৰিব পাৰে ব্যায়াম ৷ তাৰ পিছত আপুনি ক্ৰমান্বয়ে সময় বৃদ্ধি কৰিব।
সপ্তাহত ৭৫ মিনিট ব্যায়াম কৰিলে হৃদৰোগৰ সম্ভাৱনা ১৭ শতাংশ আৰু কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা ৭ শতাংশ হ্ৰাস পায়। এই ধৰণৰ ব্যায়ামৰ দ্বাৰা ডিঙিৰ কৰ্কট ৰোগ, গেষ্ট্ৰিক কেন্সাৰ, হৃদযন্ত্ৰৰ কৰ্কট ৰোগ, লিউকেমিয়া আদি ৰোগৰ সম্ভাৱনা প্ৰায় ১৪ৰ পৰা ২৬ শতাংশ হ্ৰাস পাব পাৰে।