পুনৰ অশান্ত হৈ পৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা ৷ অর্থনৈতিক সংকটত জুৰুলা হৈ পৰা দেশবাসীৰ প্ৰতিবাদে পুনৰ অস্থিৰ কৰি তুলিছে দেশখনৰ পৰিস্থিতি ৷ আনকি প্ৰতিবাদকাৰীৰ উগ্ৰ মূর্ত্তি দেখি স্বয়ং ৰাষ্ট্ৰপতিয়ে পলায়ন কৰিবলগীয়া হৈছে ৷ প্ৰতিবাদকাৰীয়ে বাসগৃহ ঘেৰাও কৰাৰ পিছত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পলায়ন কৰাৰ বাতৰি আিছে ৷
নেতাগৰাকীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ কৰি চৌহদত আক্ৰমণ চলোৱাৰ পূৰ্বেই শনিবাৰে ৰাজধানীত থকা নিজৰ চৰকাৰী বাসগৃহৰ পৰা পলায়ন কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষই ৷ৰাষ্ট্ৰপতিক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷
প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে ৷ অর্থনৈতিক সংকটৰ বাবে খাদ্যসামগ্ৰীৰ পৰা ইন্ধনলৈকে সকলো সামগ্ৰীৰ মূল্য আকাশলংঘী হৈ পৰিছে দেশখনত ৷