অর্থনৈতিক মন্দাৱস্থাৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে শ্ৰীলংকা ৷ বিগত সাত দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে দেশখনত সৃষ্টি হোৱা অর্থনৈতিক দুৰৱস্থাৰ বাবে বিদ্যুত যোগান ব্যাহত হৈ পৰাৰ লগতে খাদ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অভাৱত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা ৷ ইন্ধনৰ অভাৱত ভোগা সাধাৰণ জনতাই সমগ্ৰ ৰাষ্ট্ৰখনতে আৰম্ভ কৰিছে বিক্ষিপ্ত প্ৰতিবাদ ৷ যাৰ বাবে দেশৰ পেট্ৰ’ল পাম্পসমূহত নিয়োগ কৰিবলগীয়া হৈছে সেনা ৷ মঙলবাৰে ইন্ধনৰ বাবে শাৰী পাতি থকা হাজাৰ হাজাৰ মটৰ চালকে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পাছতে পেট্ৰ’ল ষ্টেচনসমূহত সেনা নিয়োগ কৰা হৈছে ৷
চৰকাৰৰ মুখপাত্ৰ ৰমেশ পাথিৰানাই প্ৰকাশ কৰা অনুসৰি কেৰাচিন তেল ক্ৰয় কৰিবলৈ সক্ষম নোহোৱাত সোমবাৰে উত্তেজিত হৈ পৰা জনতাই কলম্বোৰ মুল পথ অৱৰোধ কৰে ৷ যাৰ বাবে কেইবা ঘণ্টা ধৰি হাজাৰ হাজাৰ যান-বাহন আৱদ্ধ হৈ পৰে ৷ কলম্বোৰ বাহিৰত ইন্ধনৰ বাবে দীঘলীয়া শাৰীত স্থানক লৈ হোৱা বিবাদৰ পিছত এজন চালকে আন এজন মটৰচাইকেল চালকক ছুৰিকাঘাত কৰি হত্যা কৰাৰ পিছত সৈন্যবাহিনী মোতায়েন কৰা হৈছে ৷
শনিবাৰৰ পৰা তিনিজন বৃদ্ধ লোক ইন্ধনৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত মৃত্যুমুখত পৰিছে ৷ আৰক্ষীয়ে কয় যে অসংখ্য পেট্ৰ’ল ষ্টেচনত ডিজেল আৰু গেছ’লিন ক্ৰয়ৰ বাবে অপেক্ষা কৰিবলৈ লোকসকলে ওৰে নিশা বাহৰ পাতি আছে ৷
ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষৰ কাৰ্যালয়ে বুধবাৰে অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰিবলৈ সকলো ৰাজনৈতিক দলৰ এখন বৈঠক আয়োজন কৰিছে ৷ বিদেশী মুদ্ৰাৰ অভাৱৰ বাবে শ্ৰীলংকাত বিত্তীয় সংকটৰ উদ্ভৱ হৈছে ৷ কোভিড-19 মহামাৰীয়ে দ্বীপটোৰ পৰ্যটন খণ্ডক ব্যাপক ক্ষতি কৰিছিল ৷