অর্থনৈতিক দুৰৱস্থাত জুৰুলা শ্ৰীলংকাৰ জনসাধাৰণে দুর্ভোগ ভুগিব লগীয়া হৈছে ৷ খাদ্যসামগ্ৰীৰ পৰা ইন্ধনজাত সামগ্ৰীলৈকে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক ৷ কিন্তু দেশখনৰ এই দুৰৱস্থাৰ বাবে জগৰীয়া কোন ? স্বাভাৱিকতে এতিয়া উত্থাপিত হৈছে এই প্ৰশ্নৰ ৷ ইয়াৰ মাজতে দেশখনৰ আজিৰ দুৰৱস্থাৰ বাবে নিজৰ ভুল স্বীকাৰ কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই ৷ তেওঁৰ চৰকাৰৰ ভুল নীতিয়ে দ্বীপ ৰাষ্ট্ৰখনত ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিলে স্বীকাৰ কৰিছে ৷ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সোমবাৰে নৱনিযুক্ত ১৭ জন কেবিনেট মন্ত্ৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত এই কথা স্বীকাৰ ককৰে ৷ দেশৰ ভয়ংকৰ অৰ্থনৈতিক অৱস্থাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক সংকট সমাধান কৰিবলৈ উঠি পৰি লাগিছে ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়াল ৷
উল্লেখ্য যে ২৫ বিলিয়ন আমেৰিকান ডলাৰৰ ঋণৰ প্ৰায় ৭ বিলিয়ন আমেৰিকান ডলাৰ এই বছৰ পৰিশোধৰ কৰিব লাগিব শ্ৰীলংকাই ৷ বৈদেশিক মুদ্ৰাৰ গুৰুতৰ অভাৱৰ বাবে দেশখনে বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যর্থ হৈছে ৷ জনসাধাৰণে খাদ্য, ৰন্ধন গেছ, ইন্ধন আৰু ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত দিন কটাবলগীয়া হৈছে ৷ উপলব্ধ অতি সীমিত সামগ্ৰী ক্ৰয় কৰিবলৈ ঘন্টাৰ পিছত ঘণ্টা শাৰী পাতিব লগীয়া হৈছে সাধাৰণ লোকসকলে ৷ এই সন্দর্ভত ৰাষ্ট্ৰপতি গৰাকীয়ে কয় -“যোৱা আঢ়ৈ বছৰৰ আমি ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো ক’ভিড মহামাৰীৰ লগতে ঋণৰ বোজা, আৰু আমাৰ কিছু ভুল নীতিৰ বাবে আজিৰ এই অৱস্থা হৈছে ৷ এয়া সংশোধন কৰিব লাগিব। আমি সংশোধন কৰিব লাগিব আৰু আগবাঢ়ি যাব লাগিব। আমি জনসাধাৰণৰ আস্থা পুনৰ ওভতাই আনিব লাগিব ৷”তেওঁ কয় যে চৰকাৰে ঋণ সংকটৰ সহায়ৰ বাবে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ বহু পূর্বে কাষ চাপিব লাগিছিল ৷ শ্ৰীলংকাৰ কৃষিক সম্পূৰ্ণ জৈৱিক কৰি তুলিবলৈ ৰাসায়নিক সাৰ নিষিদ্ধ কৰিব নালাগিছিল ৷ তেওঁ কয় -“আজি এই অৰ্থনৈতিক সংকটৰ বাবে লোকসকল যথেষ্ট কষ্টত আছে। মই এই পৰিস্থিতিৰ বাবে গভীৰভাৱে দুঃখিত ৷”