দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকালৈ তীব্ৰ বিত্তীয় সংকটে কঢ়িয়াই অনা দুর্দশাৰ মাজতে চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত আছে ৷ যাৰ বাবে সোমবাৰে শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰনিল উইক্ৰেমসিংহই জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ইফালে অহা ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে শ্ৰীলংকাৰ সংসদৰ বৈঠক অনুষ্ঠিত হ’ব ৷যোৱা সপ্তাহত প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষই তেওঁৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ পিছত দেশ এৰি পলায়ন কৰাৰ পিছত শীৰ্ষ সাংবিধানিক পদ খালী হৈ পৰে ৷
সামাজিক অশান্তি দূৰ কৰাৰ লগতে অধিক গভীৰ হৈ অহা অৰ্থনৈতিক সংকটৰে মোকাবিলা কৰাৰ উদ্দেশ্যে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰণীল উইক্ৰেমসিংহই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। অধিসূচনাখনত প্ৰকাশ কৰা অনুসৰি জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত ঘোষণা কৰা হৈছে এই জৰুৰীকালীন অৱস্থা ৷
শনিবাৰে শ্ৰীলংকাৰ সংসদৰ বৈঠকত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই পদৰ শীৰ্ষ প্ৰতিদ্বন্দ্বী হৈছে ৰনীল উইক্ৰেমসিংহ, ছাজিত প্ৰেমদাছা , ডুলাছ আলাহাপেৰুমা আৰু অনুৰা কুমাৰ ডিছানায়া ৷