আকৌ এবাৰ মানুহৰ নৃশ্ংসতাই চৰমভাৱে লজ্জানত কৰিছে জীৱ শ্ৰেষ্ঠ মানৱ জাতিক ৷ পাকিস্তানৰ ছিয়ালকোটৰ এটা কাৰখানাত কৰ্মৰত শ্ৰীলংকাৰ এজন মেনেজাৰক শুক্ৰবাৰে বৰ্বৰ ভাৱে হত্যা কৰে এদল বৰ্বৰ শ্ৰমিকে ৷ প্ৰথমতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ পিছত সিমানতে ক্ষান্ত নাথাকি মৃত শৰীৰটোৰ ওপৰতো নিৰ্মম ভাৱে অত্যাচাৰ চলাই শেষত দূৰ্ভগীয়া মেনাজাৰজনৰ নিঠৰ দেহটোও জ্বলাই দিয়ে বৰ্বৰ শ্ৰমিকৰ দলটোৱে ৷
শুক্ৰবাৰে এখন পোষ্টাৰক কেন্দ্ৰ কৰিয়েই শ্ৰমিকৰ দলটোৱে আক্ৰমণৰ লক্ষ কৰিছিল মেনেজাৰ জনক৷ ছিয়ালকোটৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই মুক্ত হত্যাকাণ্ডটোত এশতকৈয়ো অধিক লোক জড়িত আছিল ৷ আৰক্ষীয়ে এই ঘটনাৰ স’তে জড়িত ৫০তকৈও অধিক লোকক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ আটকাধিন শ্ৰমিক সকলক উচিত শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে আৰক্ষীয়ে ৷
এই জঘন্য হত্যাকাণ্ডৰ এক ভিডিঅ’ টেলিভিশ্যন যোগে সম্প্ৰচাৰ হোৱাৰ পিছত এই বৰ্বৰতাৰ ,নৃশ্ংসতাক তীব্ৰ ভাষাৰে গৰিহনা দিছে সমগ্ৰ বিশ্ববাসীয়ে ৷