নগাঁও আৰু কাছাৰ কাগজ কলৰ আবাসগৃহসমূহ খালী কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। সকলো কৰ্মচাৰীকে ১৫ দিনৰ ভিতৰত আবাসসমূহ খালী কৰিবলৈ নিৰ্দেশ দি জাননী জাৰী কৰিলে লিকুইডেটৰ কুলদ্বীপ বৰ্মাই।
এই সন্দৰ্ভত প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা হৈছে যে কৰ্মচাৰীসকলে আবাসগৃহৰ লগতে অন্যান্য সা-সুবিধাসমূহো পৰিত্যাগ কৰিব লাগিব। অন্যথাই তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
নগাঁও কাগজ কলত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত অসম চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেখেতে উল্লেখ কৰে যে কাগজ কলৰ কৰ্মী সন্থা আৰু বিষয়া সন্থাই মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত বৈঠকত আবাসসমূহ এৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
লগতে পীযুষ হাজৰিকাই উল্লেখ কৰে যে মুখ্যমন্ত্ৰী আৰু কাগজ কল সন্থাৰ যুটীয়া বৈঠকত কৰ্মচাৰীসকলৰ প্ৰাপ্য ৬০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে। কিন্তু সকলো কথা ইতিমধ্যে আলোচনা হোৱাৰ পাছতো কৰ্মচাৰীসকলে আবাসগৃহ ত্যাগ নকৰাৰ কাৰণ কৰ্মী সন্থা আৰু বিষয়া সন্থাৰ মাজৰ মতানৈক্য বুলিও উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই।
অসমৰ দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলে দীৰ্ঘবছৰজুৰি আন্ধাৰ সময় কটাইছে। আনহে নালাগে বহুজন কৰ্মচাৰীয়ে আত্মহত্যাৰ ঘটনাও পোহৰলৈ আহিছিল। কাগজ কল দুটাৰ ১৪০০ কৰ্মচাৰীৰ অনুনয়-বিননিক আওকান কৰি শেহতীয়াকৈ ইয়াক নিলামৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
অৱশ্যে প্ৰাপ্য ধনৰাশিৰ লগতে যোগ্য চাকৰিয়াল আৰু তেখেতসকলৰ সন্তানক কৰ্মসংস্থাপন দিয়াৰ কথা উল্লেখ কৰে পীযুষ হাজৰিকাই।