নৱবর্ষৰ প্ৰথম দিনটোতে জম্মু-কাশ্মীৰৰ পৰা আহিল এক অনাকাংক্ষিত দুঃখবৰ ৷ জম্মু আৰু কাশ্মীৰৰ প্ৰখ্যাত মাতা বৈষ্ণো দেৱী মন্দিৰত সংঘটিত পদপিষ্টৰ ঘটনাত ১২ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে ৷ তদুপৰি এই ঘটনাত এক ডজনৰো অধিক লোক আহত হৈছে। ভক্তসকলৰ ব্যাপক ভিৰৰ ফলত এই পদপি্ষ্টৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ ঘটনাৰ পাছত পৰিস্থিতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি আছে ৷
ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে প্ৰকাশ কৰা অনুসৰি এই ঘটনাত ১২ জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কমেও ১৪ জন লোক আহত হৈছে। তেওঁ লগতে কয় যে আটাইকেইজন আহত লোকক চিকিৎসালয়ত ভর্ত্তি কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ত্ৰিকুটা পাহাৰৰ মন্দিৰৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে । জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই সদৰী কৰা অনুসৰি ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে নতুন বছৰৰ আৰম্ভণি উপলক্ষে অশীষ ল’বলৈ অহা বৃহৎ সংখ্যক ভক্ত বৈষ্ণো দেৱী ভৱনত প্ৰৱেশ কৰাৰ পিছত পদপিষ্টৰ ঘটনা সংঘটিত হয় ৷ এই ভক্তসকলে অনুমতি নোলোৱাকৈ ভৱনত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰৰণ ভর্ত্তি কৰে ৷ ইয়াৰে বহু সংখ্যক লোকৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ এই সন্দর্ভত এক টুইটযোগে তেওঁ কয় “মাতা বৈষ্ণো দেৱী ভৱনত পদপি্ষ্ট হৈ ভক্তসকলে প্ৰাণ হেৰুওৱাৰ বাবে অত্যন্ত দুখ প্ৰকাশ কৰিছে ।”
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ মৃত্যু হোৱা লোকসকলক ২ লাখ টকা আৰু আহত সকলক ৫০ হেজাৰ টকাৰ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ তদুপৰি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাইয়ো এই ঘটনাত দুখ প্ৰকাশ কৰিছে ৷ লগতে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকা আৰু আহতসকলক ২ লাখ টকা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে সিনহাই ৷