মণিপুৰত নিয়োজিত আছাম ৰাইফলছৰ জোৱানৰ বিৰুদ্ধে স্থানীয় বাসিন্দাক বৰ্বৰ আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।যাৰ বাবে মেইটেই অধ্যুষিত জিলাৰ পৰা অসম ৰাইফলছ আঁতৰোৱাৰ দাবী উত্থাপন হৈছিল। একাংশই কুকি সম্প্ৰদায়ৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগো উত্থাপন কৰিছিল । এনে পৰিস্থিতিত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং লামখাইত থকা এটা গুৰুত্বপূৰ্ণ আৰক্ষী চকীৰ পৰা আছাম ৰাইফলছৰ জোৱানক আঁতৰাই দিয়া হৈছে ৷
মণিপুৰ আৰক্ষীৰ ডিজিয়ে প্রকাশ কৰা এক নির্দেশনা অনুসৰি অতি শীঘ্ৰে আছাম ৰাইফলছৰ পৰিবর্তে চি আৰ পি এফ জোৱানসকলে আৰক্ষী চকীটোৰ দায়িত্ব ল’ব৷ মণিপুৰ আৰক্ষীৰ বিষয়াসকলো তেওঁলোকৰ লগত থাকিব। হিংসাত্মক মণিপুৰত শেহতীয়াকৈ অসম ৰাইফলছৰ বিৰুদ্ধে কেইবাটাও প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰা হৈছিল ৷ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাতো এই বাহিনীৰ বিৰুদ্ধে সমদল উলিওৱা হয়।
কিছুদিন পূৰ্বে ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছিল যে মণিপুৰ আৰক্ষীৰ কেইবাজনো বিষয়াই আচাম ৰাইফলছৰ কৰ্মশৈলীক লৈ মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। অভিযোগৰ প্ৰতি সঁহাৰি জনাই আছাম ৰাইফলছে কয় যে তেওঁলোকে কোনো অন্যায় কৰা নাই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পুনৰ ঘূৰাই অনাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
প্ৰসংগক্ৰমে যোৱা ৩ মে’ৰ পৰা ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মণিপুৰৰ মূল বাসিন্দা হিন্দু মেইটেই সম্প্ৰদায় আৰু কুকি, জো, আৰু অন্যান্য অনুসূচিত জাতি জনগোষ্ঠী (যিসকলৰ বেছিভাগেই খ্ৰীষ্টান)ৰ মাজত সংঘৰ্ষত এতিয়ালৈকে প্ৰায় দুশ লোকৰ মৃত্যু হৈছে। গৃহহীনৰ সংখ্যা প্ৰায় ৬০ হাজাৰ।