সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মবার্ষিকীৰ দিনটোত প্ৰতিখন বিদ্যালয়ৰ পুৱাৰ প্ৰার্থনাত পৰিৱেশন কৰিব লাগিব ৰাজ্যৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” ৷বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ন কোৱঁৰে বিভাগটোৰ অন্তর্গত সকলো বিদ্যালয়ক এই নির্দেশনা পালন কৰিবলৈ নির্দেশ দিছে ৷
ইফালে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় –“অসমৰ জাতীয় জীৱনৰ মহীৰূহ সাহিত্যৰথী লক্ষ্মীনাথ বেবৰুৱাদেৱৰ ১৫৯সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ৰসৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগে বিশেষ পদক্ষেপ হাতত লৈছে। অহা ১৪ অক্টোবৰ (শনিবাৰে) অসমৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ প্ৰাৰ্থনা সভাত জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰিব। মই প্ৰতিখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলক এই পদক্ষেপ সফল কৰি তুলিবলৈ আহ্বান জনাইছোঁ।“