প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিকশিত ভাৰতৰ লক্ষ্যৰে পবিত্ৰ সংসদৰ মজিয়াত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেট ২০২৪-২৫ ক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আদৰণি জনাইছে। এক প্ৰেছ বিবৃতিত শ্ৰী কলিতাই কয়, ২০৪৭ ৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্য আগত ৰাখি সংসদত উত্থাপন কৰা কেন্দ্ৰীয় চৰকাৰৰ জনমুখী বাজেটখনে দেশৰ আৰ্থিক বিকাশক আৰু অধিক ত্বৰান্বিত কৰি তোলাৰ লগতে দেশৰ অৰ্থনৈতিক ভৱিষ্যত সু-নিশ্চিত কৰি তুলিব। বাজেট অনুসৰি আন্তঃগাঁথনি খণ্ডত ১১ লাখ ১১ হাজাৰ,১১১ কোটি টকা ব্যয় কৰা হব,নতুন কৰ নীতিত ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই,২ কোটি নতুন চৰকাৰী ঘৰৰ নিৰ্মাণ কৰা হব,দেশৰ ৩ কোটি মহিলা লাখপতি বাইদেউ নতুন আঁচনি, ১ কোটি পৰিয়ালক সৌৰশক্তিৰ দ্বাৰা ৩০০ ইউনিট কৈ বিনামূলীয়া বিজুলী যোগান ধৰা হব,৮৩ লাখ আত্মসহায়ক গোটৰ দ্বাৰা উপকৃত হব ৯ কোটি মহিলা,৩ হাজাৰ নতুন আই টি আই স্থাপন কৰা হব,১৫ খন নতুন এইমছ স্থাপন, নতুন চিকিৎসালয় স্থাপন, মীন পালন, পৰ্যটন ক্ষেত্ৰত,যুৱ শক্তিৰ বিকাশ,মহিলা সকলৰ বিকাশ, গৰীৱ কল্যাণ,কৰ্ম সংস্থাপন, কৃষি উন্নয়ন, উদ্যোগ ক্ষেত্ৰৰ উন্নয়ন,জনজাতীয় লোকৰ বিকাশৰ উন্নয়ন,ৰেলৱে, যোগাযোগ,নতুন আই টি আই,নতুনকৈ এইমছ,নতুন বিশ্ব বিদ্যালয়,শিক্ষা উন্নয়নৰ বাবে নতুন প্ৰকল্প বাজেটত ধাৰ্য কৰা হৈছে। এক প্ৰকাৰে বাজেটখন সমগ্ৰ দেশৰ সৰ্বসাধাৰণ জনতাৰ বাবে এখন কল্যাণকামী আৰু জনমুখী বাজেট। দেশবাসীক এনে এখন জনমুখী বাজেট প্ৰদান কৰাৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন জনাইছে।