ভাৰতৰ অনান্য চহৰসমূহৰ লগতে অসমৰ গুৱাহাটীতো অতি শীঘ্ৰেই নাহৰফুটুকী বাঘৰ পিয়ল কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্যিক পৰিৱেশ আৰু বন বিভাগে । অৱশ্যে ইয়াৰ পূৰ্বেও উত্তৰ কামৰূপ বন বিভাগে চিলা সংৰক্ষিত বনাঞ্চলত নাহৰফুটুকী বাঘৰ এক পিয়ল অনুষ্ঠিত কৰিছিল। পিয়লৰ সময়ত বন বিভাগে সংৰক্ষিত বনাঞ্চলটোৰ বিভিন্ন স্থানত কেমেৰা স্থাপন কৰিছিল। পিয়লত চিলা সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত মুঠ ১৩ টা নাহৰফুটুকী বাঘ পোৱা গৈছিল। ইয়াৰ উপৰিও তেওঁলোকে চিলা সংৰক্ষিত বনাঞ্চলৰ আন কিছুমান বন্য জন্তুৰ জনসংখ্যাও জানিব পাৰিছিল।
ঠিক একেদৰেই বৰ্তমান সমগ্ৰ গুৱাহাটীতো চিলা সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত হোৱা লোকপিয়লৰ সৈতে সংগতি ৰাখি অনু্ষ্ঠিত হ’ব নাহৰফুটুকী বাঘৰ পিয়ল । অৱশ্যে নাহৰ ফুটুকী বাঘৰ এই পিয়লত এইবাৰ অধিক কেমেৰা আৰু বিষয়াৰ প্ৰয়োজন হ’ব।
এই পিয়লৰ উদ্দেশ্য হ’ল গুৱাহাটীৰ বনাঞ্চলসমূহত নাহৰফুটুকী বাঘৰ সংখ্যা নিৰ্ধাৰণ কৰা। যি তথ্য ভৱিষ্যতৰ নাহৰফুটুকী প্ৰৱন্ধন পৰিকল্পনাত সহায়ক হ’ব। কিয়নো ৰাজ্যখনত মানুহ আৰু জন্তুৰ সংঘাত উদ্বেগজনকভাৱে দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু বন বিভাগে সেয়েহে ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। ই বিভাগটোক মানুহ আৰু জন্তুৰ সংঘাতৰ ক্ষেত্ৰত যিকোনো পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰিব ।
নাহৰফুটুকী বাঘৰ পিয়ল সন্দৰ্ভত প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱে কয় যে তেওঁলোকে এই বছৰৰ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত নাহৰফুটুকী বাঘৰ পিয়লৰ পৰিকল্পনা কৰি আছে। কিয়নো চহৰখনৰ নাহৰফুটুকী বাঘৰ তথ্যই তেওঁলোকক ভৱিষ্যতে নাহৰফুটুকী বাঘ ব্যৱস্থাপনা, পৰিকল্পনা আদিৰ ক্ষেত্ৰতো সহায় কৰিব।