গুৱাহাটী, ২২ এপ্ৰিলঃ শনিবাৰে গুৱাহাটীত আয়োজিত ৰঙালী উৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচীত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উন্নয়ন বিষয়ক ‘স্বনিৰ্ভৰ নাৰী আঁচনি’ শীৰ্ষক এখন আলোচনাচক্ৰত অংশ গ্ৰহণ কৰি অৰ্থনৈতিক স্থিৰতাৰ এক প্ৰধান স্তম্ভ হিচাপে হস্ততাঁত আৰু বস্ত্ৰ খণ্ডক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে আশাবাদ ব্যক্ত কৰে অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ দপ্তৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই। ভাষণ প্ৰসংগত ব্ৰহ্মই মহিলা সৱলীকৰণৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত বিভাগে দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব। পূৰ্বতে জীৱিকাৰ সুযোগৰ অভাৱত হতাশাৰ সন্মুখীন হোৱা শিপিনীসকলৰ সমস্যাটো উল্লেখ কৰি ব্ৰহ্মই বৰ্তমান সময়ত চৰকাৰৰ এই বিভাগৰ প্ৰতি থকা সদিচ্ছাৰ ইংগিত দিয়ে। ব্ৰহ্মই কয়, “বিভাগটোৰ আঁচনিসমূহৰ উদ্দেশ্য হৈছে আমাৰ শিপিনীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা, এটা সময়ত জীৱিকাৰ অভাৱত শিপিনীসকল হতাশাত ভূগিছিল আৰু মানুহবোৰে বয়ন শিল্প প্ৰায় এৰি দিয়াৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছিল।
তেওঁ লগতে কয়, “আমি হস্ততাঁত আৰু বস্ত্ৰ খণ্ডক অৰ্থনৈতিক স্থিৰতাৰ অন্যতম মুখ্য স্তম্ভ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। মই আশা কৰো যে শিপিনীসকলে চৰকাৰৰ আঁচনিসমূহৰ প্ৰতি সঠিক সঁহাৰি জনাব।”
মন্ত্ৰীগৰাকীৰ এই মন্তব্যই অসমৰ অন্যতম বৃহৎ সাংস্কৃতিক অনুষ্ঠান ৰঙালী উৎসৱৰ আজিৰ আলোচনা চক্ৰত অংশ লোৱা শিপিনীসকলক উৎসাহ প্ৰদান কৰে। হস্ততাঁত আৰু বস্ত্ৰ খণ্ডৰ প্ৰতি চৰকাৰৰ অধিক গুৰুত্বত উদ্যোগটো পুনৰুজ্জীৱিত হৈ শিপিনীসকলৰ বাবে অৰ্থনৈতিক সুযোগ প্ৰদান কৰি ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনীতি বৃদ্ধিত সহায়ক হ’ব বুলি আশা কৰা হৈছে।মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ নেতৃত্বৰ বাবে প্ৰশংসা কৰি এজন ভাল অৰ্থনীতিবিদ আৰু এজন অতি ভাল প্ৰশাসক বুলি অভিহিত কৰে।
অসম চৰকাৰৰ সচিব দিলীপ কুমাৰ বৰাই এক বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ সৃষ্টিৰে শিপিনী আৰু শিল্পীসকলৰ উন্নয়নৰ বাবে চৰকাৰৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে। আনহাতে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালক পাৰাগমনি মহন্তই স্বনিৰ্ভৰ নাৰী আঁচনিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই ৰঙালীত হস্ততাঁত আৰু হস্তশিল্প খণ্ডক মঞ্চ প্ৰদান কৰা, ফেশ্বনৰ সৈতে একত্ৰিত কৰা আৰু অঞ্চলটোৰ থলুৱা সামগ্ৰীসমূহৰ বাবে এক শক্তিশালী বজাৰ সংযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত ৰঙালীৰ দৃষ্টিভংগীৰ বিষয়ে বৰ্ণনা কৰে। শ্ৰীযুত মহন্তই বিশ্ব বজাৰৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ ডিজাইন উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মত প্ৰকাশ কৰে যে এইয়া অসমৰ হস্ততাঁত খণ্ডৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই খণ্ডটোৰ ওপৰত ব্যাপক গুৰুত্ব আৰোপ কৰি এক শিল্প আধাৰিত অৰ্থনীতি গঢ়ি তোলাত সহায় কৰিব।
গেলেৰিয়াৰ স্বত্তাধিকাৰী পায়েল চাদ্ধা, ইণ্ডিয়ান ৱিভাৰ্ছ এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সৌমাৰজ্যোতি শৰ্মা আৰু বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগী কিৰণ বড়োৱে তেওঁলোকৰ সামগ্ৰী আৰু হস্ততাঁত সামগ্ৰীৰ ডিজাইন উন্নতিৰ জৰিয়তে কেনেদৰে বজাৰ সংযোগ উন্নত কৰিব পাৰি সেই বিষয়ে নিজস্ব মতামত ব্যক্ত কৰে। ২০ এপ্ৰিলত আৰম্ভ হোৱা ৰঙালীৰ চাৰিদিনীয়া ভ’কেল ফৰ ল’কেল প্ৰদৰ্শনীৰ লক্ষ্য হৈছে অসমৰ অনন্য সংস্কৃতিৰ প্ৰচাৰ কৰা আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোৰ বৈচিত্ৰ্যতাৰ উদযাপন।