কেন্দ্ৰই নতুনকৈ প্ৰণয়ন কৰা অগ্নিবীৰ আঁচনিক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কেইবাখনো ৰাজ্যত ভাৰত বন্ধৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ১৪৪ ধাৰা জাৰি কৰা নয়ডা আৰু দিল্লীৰ সীমান্তত গুৰগাঁওলৈ যোৱাৰ পথত বৃহৎ যান-জঁট হৈছে ৷ বিহাৰ, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, আৰু কেৰেলাত যিকোনো ধৰণৰ হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ গুৰুত্বপূৰ্ণ স্থানত আৰক্ষী মোতায়েন কৰা হৈছিল। ঝাৰখণ্ডত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে নৱম আৰু একাদশ শ্ৰেণীৰ চলি থকা পৰীক্ষাসমূহ পিছুৱাই দিয়া হৈছে। অগ্নিপথক লৈ আহ্বান জনোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বাতিল কৰা হৈছে প্ৰায় ৩৪৮ খন যাত্ৰীবাহী ৰে’ল আৰু ১৮১ খন মেইল এক্সপ্ৰেছ ৰে’ল। চাৰিখন মেইল এক্সপ্ৰেছ ৰে’ল আৰু ৬খন যাত্ৰীবাহী ৰে’ল আংশিকভাৱে বাতিল কৰা হয়।
কংগ্ৰেছ দলৰ নেতাসকলে সোমবাৰে যন্তৰ মন্তৰত সত্যাগ্ৰহ কার্যসূচী ৰূপায়ন কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অজয় মাকেনে কয় যে তেওঁলোকে অগ্নিপথ আঁচনিখন প্ৰত্যাহাৰ কৰাৰ দাবীত আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ৷সংবাদমেলত মাকেনে কয়, ‘আঁচনিখনৰ বিষয়ে প্ৰথমে যুৱক-যুৱতীসকলৰ সৈতে আৰু সংসদত আলোচনা কৰা উচিত।“দেওবাৰে তিনিওতা বাহিনীৰ নেতৃত্বই অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰা নহয় বুলি ঘোষণা কৰিছিল ৷
উল্লেখ্য যে দেশৰ কেইবাখনো ৰাজ্যত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল ৷ প্ৰতিবাদকাৰীয়ে বিহাৰত ৰেল পর্যন্ত জ্বলাই দিছিল ৷