বাল্য বিবাহ মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে আগশাৰীৰ বেচৰকাৰী সংস্থা ‘বচপন বচাও আন্দোলন’-এ গ্ৰহণ কৰিছে এক বিশেষ অভিযান ৷ এই অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰ, অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজ আৰু কৈলাশ সত্যার্থী শিশু ফাউণ্ডেচনৰ সহযোগত বচপন বচাও আন্দোলনৰ উদ্যোগত অনুষ্ঠিত হয় অসম ৰাজ্যিক আলোচনাচক্ৰ ৷
এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে ৷ তদুপৰি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰবৰুৱা ৷ অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজৰ অতিৰিক্ত সদস্য সচিব ডঃ প্ৰীতিলেখা ডেকাই আদৰণি ভাষণ প্ৰদান কৰে ৷ বচপন বচাও আন্দোলনৰ ৰাজ্যিক সমন্বয়ক(শিশু সুৰক্ষা) ববিতা শইকীয়াই উদ্বোধনী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় ৷
উদ্বোধনী অনুষ্ঠানৰ পাছতে দুটা বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ ‘ৰাজ্যত বাল্য বিবাহৰ স্থিতিৰ আভাস, সমস্যা আৰু সমাধান’ শীর্ষক বিষয়ত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম গ্ৰামীন বিকাশ কেন্দ্ৰৰ কার্যবাহী সঞ্চালক প্ৰেৰণা চাংকাকতি ৷ বাল্যবিবাহৰ সমস্যা সমাধান আৰু বাল্যবিবাহ প্ৰতিৰোধ তথা পুনৰ সংস্থাপনৰ বাবে ৰাজ্যিক কর্ম পৰিকল্পনা বিষয়ত সমল ব্যক্তি হিচাপে বক্তৃতা প্ৰদান কৰে বচপন বচাও আন্দোলনৰ ৰাজ্যিক সমন্বয়ক(শিশু সুৰক্ষা) ববিতা শইকীয়াই ৷ আনহাতে, মুকলি আলোচনাত উপস্থিত থাকে অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজৰ অতিৰিক্ত সদস্য সচিব ডঃ প্ৰীতিলেখা ডেকা, চিআইডিৰ এছপি কল্যাণ ফুকন আৰু পঞ্চায়তৰ যুটীয়া আয়ুক্ত বাসৱী ঠাকুৰীয়া ৷