সোণগুটি চপোৱাৰ সময়তে চকুলো টুকিবলগীয়া হৈছে ৰাজ্যৰ একাংশ কৃষকে । সোণালী হৈ পৰা খেতিপথাৰত শুৰ পোকৰ আক্ৰমণৰ বাবে মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷ বাক্সা জিলাৰ বৃহত্তৰ মুৰমেলাৰ বহু বিঘা খেতি পথাৰত শুৰ পোকৰ আক্ৰমণত খেতি নষ্ট হোৱাৰ উপক্ৰম ঘটিছে ।
প্ৰাপ্ত তথ্য অনুসৰি বাক্সা জিলাৰ মূৰমেলা, ভোগপুৰ, কুছিজাৰৰ লগতে কাষৰীয়া গাওঁসমূহৰ শ শ বিঘা ধাননি পথাৰ শুৰ পোকে নষ্ট কৰিছে । নিশাটোৰ ভিতৰতেই শুৰপোকৰ আক্ৰমণত ধাননি পথাৰ নষ্ট হৈছে । কৃষকসকলে শুৰপোক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিছে যদিও প্ৰতিৰোধ কৰিব নোৱাৰাত হতাশ হৈ পৰিছে ৷
কৃষকসকলে কৃষি বিভাগক অৱগত কৰিছে যদিও কোনো কার্যব্যৱস্থা বিভাগীয়ভাৱে গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে ৷কেবল বাক্সাতে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্ত দেখা গৈছে শুৰ পোকৰ আক্ৰমণ ৷