ব্যক্তিগত খণ্ডৰ তুলনাত চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান এতিয়াও যথেষ্ট উন্নত নহয় ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিদ্যালয়ত শিক্ষার্থীৰ সংখ্য বছৰি নিম্নগামী হৈ পৰিছে ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি একাংশ চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ উঠিপৰি লাগিছে চৰকাৰ ৷ কিন্তু কিয় নিম্নগামী হ’বলৈ ধৰিছে চৰকাৰী শিক্ষাৰ মান ? কিয়নো পাঠদানতকৈ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ শিক্ষক আৰু শিক্ষার্থীৰ মূৰত জাপি দিয়া হৈছে অতিৰিক্ত কামৰ বোজা ৷ চৰকাৰী কার্যসূচী পালনৰ পৰা আৰম্ভ কৰি এপত উপস্থিতি দিয়ালৈকে চৰকাৰী শিক্ষানুষ্ঠানলৈ একাধিক নির্দেশনা দিছে শিক্ষা বিভাগে ৷ যাক লৈ অতিষ্ঠ হৈ পৰিছে শিক্ষকসমাজ ৷
চৰকাৰী বিদ্যালয় সমূহলৈ বিভাগে ওপৰা ওপৰিকৈ বিভিন্ন উৎসৱ আৰু কাৰ্যসূচীৰ নিৰ্দেশ প্ৰেৰণ কৰাৰ ফলত দিনে নিশাই শিক্ষক সকল ব্যস্ত থাকিব লগা হৈছে। আনকি বন্ধৰ দিন বা ৰবিবাৰেও এইবোৰ উৎসৱ উদযাপন আৰু তাৰ ৰিপোৰ্ট প্ৰেৰণৰ বাবে ব্যস্ত হৈ পৰিছে শিক্ষকসকল । কলিৰ দিনটোৰ ভিতৰত ৫ তাতকৈ অধিক উদযাপনৰ বাৰ্তা বিভাগে প্ৰেৰণ কৰিছে । সেয়ে শিক্ষক সকলে ছছিয়েল মিডিয়াযোগে “আমাক পঢ়াবলৈ দিয়ক” বুলি এক আহ্বান আৰম্ভ কৰিছে।
ইতিমধ্যে বহু শিক্ষকে ছচিয়েল মিডিয়াত “আমাক পঢ়াবলৈ দিয়ক” বুলি কেম্পেইন আৰম্ভ কৰিছে ৷ উল্লেখ্য যে গান্ধী জয়ন্তীৰ উপৰি অমৃত কলহ যাত্ৰা, অমৃত বৃক্ষ ৰোপন , এক তাৰিখ এক ঘণ্টা , অহিংস দিৱস, মানসিক স্বাস্থ্য সপ্তাহ ,খেল মহাৰণ পঞ্জীয়ন ,স্বচ্চতা হি সেৱা , গুণোৎসৱৰ তথ্য সংগ্ৰহ আদিকে ধৰি এশ এবুৰি কামৰ বোজা জাপি দিয়া হৈছে ৷ যাৰ বাবে পাঠদানৰ সময় হ্ৰাস পাইছে ৷