এযোৰ চেণ্ডেলৰ দাম কিমান হ’ব পাৰে বাৰু ? হয়তো আপুনি চেলিব্ৰিটি সকলে পৰিধান কৰা নামী দামী ব্ৰেণ্ডৰ চেণ্ডেল অথবা জোতাৰ মূল্য কেইবা হাজাৰ টকা বুলি জানে ৷ কিন্তু এযোৰ চেণ্ডেলৰ মূল্য ১.৭৭ কোটি টকা বুলি ক’লে আপুনি বিশ্বাস কৰিবনে ? শুনিবলৈ আচৰিত যেন লাগিলেও এযোৰ বিশেষ চেণ্ডেল বিক্ৰী হৈছে ১.৭৭ কোটি টকাত ৷ অৱশ্যে কোনো প্ৰতিষ্ঠানে নিজৰ বিপনীত ইমান মূল্যত এই চেণ্ডেলযোৰ বিক্ৰী কৰা নাই ৷ নিলামৰ জৰিয়তেহে বিক্ৰী কৰা হৈছে এই চেণ্ডেলযোৰ ৷
বিশ্বৰ আগশাৰীৰ তথ্য –প্ৰযুক্তি প্ৰতিষ্ঠান এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছে পিন্ধা বাদামী ৰঙৰ এযোৰ চেণ্ডেল ২১৮,৭৫০ ডলাৰ(১.৭৭ কোটি টকা)ত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ৷ নিলাম কোম্পানী জুলিয়েনছ অকচনে এই তথ্য প্ৰকাশ কৰিছে। ১১ নৱেম্বৰত অঅৰম্ভ হোৱা এই নিলাম ১৩ নৱেম্বৰত সমাপ্ত হয়।
নিলাম প্ৰতিষ্ঠানটোৱে উল্লেখ কৰা অনুসৰি চুইড চামৰাৰ বাৰ্কেনষ্টক এৰিজোনা চেণ্ডেলযোৰ পিন্ধিছিল ষ্টিভ জবছে। জবছে ১৯৭০ আৰু ১৯৮০ চনলৈ এই বিশেষ চেণ্ডেল পিন্ধিছিল। ৱেবছাইটত থকা সবিশেষ অনুসৰি এপলৰ ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ মুহূৰ্তত ষ্টিভ জবছে এই চেণ্ডেল পিন্ধিছিল। ১৯৭৬ চনত তেওঁ এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ ৱ’জনিয়াকৰ সৈতে লছ আলটছৰ গেৰেজত মাজে মাজে এই চেণ্ডেল পিন্ধি এপল কম্পিউটাৰৰ আৰম্ভণি কৰিছিল।
২০১৭ চনত ইটালীৰ মিলানোৰ চেল’ন ডেল ম’বাইল, ২০১৭ চনত জাৰ্মানীৰ ৰাহ্মছৰ বাৰ্কেনষ্টক মুখ্য কাৰ্যালয়ত, নিউয়ৰ্কৰ ছ’হ’ত থকা বাৰ্কেনষ্টকৰ প্ৰথমটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্ট’ৰত আইএমএমত অনুষ্ঠিত হোৱা একাধিক প্ৰদৰ্শনীৰ অংশ হৈ আহিছে এই চেণ্ডেলযোৰ ৷