অৱশেষত মঙলদৈ আৰক্ষীয়ে লাভ কৰিলে সফলতা ৷ মঙলদৈ নিকটৱৰ্তী সৰু আৰেঙৰ থানুৰাম দাসৰ ঘৰত কিছুদিন পুৰ্বে চুৰি হোৱা সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
তেওঁৰ এজাহাৰৰ ভিত্তিতেই মঙলদৈ আৰক্ষীয়ে আটক কৰে ৪জন চোৰক। এই চোৰ কেইজনৰ ভিতৰত দুজন হৈছে জয়নাল আৰু কানাই চৌহানক ৷ দীর্ঘদিন ধৰি দুই ধৃত চোৰে এই কুকার্য সংঘটিত কৰি আহিছিল ৷ জানিব পৰামতে জয়নাল আৰু কানাইয়ে প্ৰায় ১৪ তোলা সোণ চুৰি কৰি খাৰুপেটিয়াৰ ইন্দ্ৰানী জুয়েলাৰ্চত বিক্ৰী কৰিছিল।
সেই সূত্ৰে ইন্দ্ৰানী জুয়েলাৰ্চৰ স্বত্বাধিকাৰী বিষ্ণু সূত্ৰধাৰক আটক কৰে মঙলদৈ আৰক্ষীয়ে। আনহাতে জুয়েলাৰ্চৰ লগত জড়িত শিৱানী কৰ্মকাৰকো আটক কৰা হৈছে ৷ পৰৱর্তী তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷