দৰং জিলাৰ ধলপুৰ পাহাৰত থকা ঐতিহাসিক শিৱ মন্দিৰত উদ্ধাৰ হৈছে শৈল ভাস্কর্য ৷ মন্দিৰটোৰ পুনৰ নির্মাণৰ বাবে চলি থকা কামৰ সময়তে উদ্ধাৰ হৈছে এই শৈল ভাস্কর্যসমূহ ৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ফেচবুকৰ জৰিয়তে মন্দিৰটোৰ চৌহদত উদ্ধাৰ হোৱা শৈল ভাস্কর্যসমূহৰ ছবি প্ৰকাশ কৰিছে ৷ এই প্ৰসংগত তেওঁ কয় -‘আমি আগৰে পৰাই দৃঢ়তাৰে কৈ অহাৰ দৰে ব্ৰহ্মপুত্ৰৰ মাজত দৰং জিলাৰ ধলপুৰ পাহাৰস্থিত দেৱাদিদেৱৰ মন্দিৰটিয়ে হাজাৰ হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী বহন কৰি আহিছে। প্ৰতিক্ৰিয়াশীল চক্ৰই এই ঐতিহাসিক শিৱধামৰ প্ৰাচীন অৱস্থিতিক নস্যাৎ কৰি অহা কাৰ্য আজি সম্পূৰ্ণৰূপে ভুল হিচাপে প্ৰমাণিত হ’ল। দৰং জিলাৰ ধলপুৰ শিৱমন্দিৰ চৌহদত চলাই থকা নিৰ্মাণৰ খনন কাৰ্যত আজি উদ্ধাৰ হয় প্ৰাচীন কালৰ বহুকেইটা শৈল ভাস্কৰ্য। এই সমলসমূহৰ উদ্ধাৰে প্ৰমাণ কৰে এই শিৱধামৰ অতি প্ৰাচীন কালৰে পৰা চলি অহা গৰিমা আৰু ঐতিহ্য। যোৱা বছৰ বেদখলকাৰীসকলৰ পৰা মুক্ত কৰা এই প্ৰাচীন মন্দিৰটিৰ পূৰ্বৰ গৰিমা ঘূৰাই আনিবলৈ আমি দৃঢ় সংকল্পবদ্ধ।‘
উল্লেখ্য যে ধলপুৰ অঞ্চলৰ বৃহৎ পৰিমাণৰ ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ আনকি এই বেদখলকাৰীয়ে স্থানীয় খিলঞ্জীয়া লোকসকলক নির্যাতন চলোৱা বুলিও বহু লোকে প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছতে বিগত বর্ষত ৰাজ্য চৰকাৰে ধলপুৰৰ চৰকাৰী ভূমিত থকা বেদখলকাৰীক উচ্চেদ কৰি চৰকাৰী পৃষ্ঠপোষকতাত এখন কৃষি পাম আৰম্ভ কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ধলপুৰত থকা শিৱমন্দিৰটোৰ পুনৰ নির্মাণৰ কামো চৰকাৰে আৰম্ভ কৰিছে ৷