২০২৩ চনত দেশত প্ৰায় ৩ লাখ ৫০ হাজাৰ টা কুকুৰে মানুহক কামোৰা ঘটনা সংঘটিত হৈছিল। কুকুৰে কামোৰাৰ ফলত ২৮৬ জন লোকৰ মৃত্যু হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ সংসদত এই তথ্য প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে লিখিত উত্তৰত কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ‘সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী’ আৰম্ভ কৰিছে। তাৰ পৰাই সমগ্ৰ দেশতে কুকুৰে কামোৰাৰ ঘটনাৰ তথ্য সংগ্ৰহ কৰা হৈছে। কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই জলাতংক প্ৰতিৰোধী ভেকচিন প্ৰদানৰ সংখ্যা বৃদ্ধি কৰিছে। ২০২৩ চনত এই সংখ্যা হৈছে ৪৬.৫ লাখ।
যদিও সকলো কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগৰ আশংকা নাথাকে, তথাপিও কুকুৰে কামুৰিলে চিকিৎসকে এ আৰ ভি ল’বলৈ পৰামৰ্শ দিয়ে। প্ৰথম, তৃতীয়, সপ্তম আৰু ২৮ দিনত এই ভেকচিন দিয়া হয়। কেন্দ্ৰৰ তথ্য অনুসৰি চৰকাৰী চিকিৎসা কেন্দ্ৰসমূহত এ আৰ ভি গ্ৰহণ কৰিবলৈ মানুহৰ ভিৰ বাঢ়িছে।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কুকুৰে কামোৰাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল। চলিত বৰ্ষৰ মাৰ্চ মাহতো এনেধৰণৰ আন এক আদেশ জাৰি কৰা হৈছিল। য’ত পদপথৰ কুকুৰ আৰু পোহনীয়া জন্তুৱে কামোৰাৰ কাণ্ড পৃথকে ৰাখিবলৈ কোৱা হয়। মঙলবাৰে সংসদত কেন্দ্ৰই কয় যে, ‘কুকুৰ কামোৰাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যক পুঁজি আৰু সহায় আগবঢ়াই যাব।