এতিয়াৰ পৰা পথৰ কুকুৰৰ ডিঙিত ওলমি থাকিব পৰিচয়পত্ৰ ! এই ব্যৱস্থা কৰিছে মুম্বাই পৌৰসভাই। পৌৰসভাসমূহে ৰাজপথৰ কুকুৰৰ ডিঙিত ওলোমাই দিছে ‘আধাৰ’ কাৰ্ড। মুম্বাই বিমানবন্দৰৰ বাহিৰত ২০টা অঘৰী কুকুৰে ইতিমধ্যে লাভ কৰিছে ‘আধাৰ’ কাৰ্ড। শনিবাৰে পুৱা আধাৰ কাৰ্ড ডিঙিত ওলোমাই দিয়ে প্ৰশাসনে। পথৰ কুকুৰ সমূহক টিকাকৰণ কৰা হয়।
পথৰ কুকুৰৰ ডিঙিত বেল্টত লগোৱা হয় ‘আধাৰ’ কাৰ্ড। সেই বেল্টবোৰৰ এটাকৈ কিউআৰ ক’ড থাকে। কোনোবাই গৈ সেই কিউআৰ ক’ডটো স্কেন কৰিলে মোবাইলৰ স্ক্ৰীণত কুকুৰটোৰ নাম আৰু প্ৰজাতিৰ তথ্য লাভ কৰিব । কুকুৰটোক টিকা দিয়া হৈছে নে নাই, কুকুৰটোৰ কোনো ৰোগ আছে নে নাই, সেইবোৰো তথ্যও কিউঅৰ ক’ড স্কেন কৰি জানিব পাৰিব।
শনিবাৰে ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ বাহিৰত পথৰ কুকুৰক পৰিচয় পত্ৰ বিতৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কেইঘণ্টামানৰ অন্তত ২০টা কুকুৰৰ ডিঙিত পৰিচয় পত্ৰ ওলোমাই দিয়া হয়। বান্দ্ৰাৰ বাসিন্দা ছোনিয়া শ্বেলাৰে প্ৰতিদিনে প্ৰায় ৩০০টা অঘৰী কুকুৰক খাদ্য দি আহিছে ৷ য’ত বিমানবন্দৰৰ বাহিৰৰ এই কুকুৰবোৰো অন্তৰ্ভুক্ত। পৌৰসভাই ছোনিয়াৰ পৰা সহায় বিচাৰিছিল পৰিচয় পত্ৰ ওলোমাই থোৱাৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰি তুলিবলৈ। মুম্বাই পৌৰসভাৰ এগৰাকী পশু চিকিৎসক আৰু বিমানবন্দৰৰ বিষয়াসকলো স্থানত উপস্থিত থাকে।
পৌৰসভাৰ মতে, অঘৰী কুকুৰৰ সৈতে জড়িত তথ্যকোষ সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথম অৱস্থাত বিমানবন্দৰৰ বাহিৰত থকা ২০টা কুকুৰক পৰীক্ষামূলকভাৱে পৰিচয় পত্ৰ দিয়া হৈছিল যদিও ক্ৰমান্বয়ে সকলো পথৰ কুকুৰক পৰিচয়পত্ৰ দিয়া হ’ব।