কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কর্মচাৰীসকল সময়মতে কার্যালয়ত উপস্থিত নহ’লে সন্মুখীন হ’ব শাস্তিৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰা সকলো বিষয়া-কর্মচাৰীয়ে নিৰ্দিষ্ট সময় অনুসৰি কাৰ্যালয়ত প্ৰৱেশ কৰিব লাগিব। ‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে ৷ প্ৰতিবেদন অনুসৰি কেন্দ্ৰৰ কর্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এই নিয়ম প্ৰৱৰ্তন কৰিছে। বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত জ্যেষ্ঠ বিষয়াৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ’ব। কাৰো বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা নাই। নিৰ্ধাৰিত সময় অনুসৰি সকলো কৰ্মচাৰীয়ে কাৰ্যালয়ত প্ৰৱেশ কৰিব লাগিব।
প্ৰতিবেদন অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলক প্ৰতিদিনে পুৱা ৯ বজাৰ ভিতৰত নিজ নিজ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ১৫ মিনিট ‘গ্ৰেচ টাইম’ হিচাপে দিয়া হৈছে। অৰ্থাৎ কাৰ্যালয়ত প্ৰৱেশৰ অফিচিয়েল সময় পুৱা ৯ বজাত। গ্ৰেচ সময় অনুসৰি ৯:১৫ মিনিটৰ ভিতৰত তেওঁলোকে কাৰ্যালয়ত প্ৰৱেশ কৰিব পাৰিব। ইয়াতকৈ বেছি পলম কৰিব নোৱাৰিব কর্মচাৰীয়ে ।
কৰ্মচাৰীৰ উপস্থিতি নিৰ্দিষ্ট কাৰ্যালয়ত বায়’মেট্ৰিক ব্যৱস্থাৰ দ্বাৰা পঞ্জীয়ন কৰিব লাগিব। অৰ্থাৎ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত নিজ নিজ পৰিচয় পত্ৰখন মেচিনত ‘পাঞ্চ’ কৰিব লাগিব। সেইটোৱে উপস্থিতিৰ ৰেকৰ্ড কৰিব। ৯:১৫ বজাৰ পিছত যদি কোনোবাই তেওঁৰ কাৰ্ডখন ‘পাঞ্চ’ কৰে তেন্তে তেওঁক দেৰিকৈ অহা বুলি গণ্য কৰা হ’ব।
যিকোনো চৰকাৰী কৰ্মচাৰীক বছৰটোৰ ভিতৰত নিৰ্দিষ্ট সংখ্যক দিনৰ ছুটী আবণ্টন দিয়া হয়। প্ৰয়োজন হ’লে তাৰ পৰাই ছুটী ল’ব পাৰে। এনে ছুটীক ‘কেজুৱেল লিভ’ বুলি কোৱা হয়। যদি কোনো কৰ্মচাৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যালয়ত উপস্থিত নহয় তেন্তে নিৰ্ধাৰিত ছুটীৰ পৰা আধা দিন কৰ্তন কৰা হ’ব। অর্থাৎ দুদিন পলম হ’লে এদিনৰ সম্পূর্ণ ছুটী হেৰুৱাব কর্মচাৰীয়ে ৷ ইয়াৰ উপৰিও সংশ্লিষ্ট বিষয়াসকলকো কৰ্মচাৰীয়ে কেতিয়া আহিছে বা কেতিয়া গৈছে তাৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হৈছে ৷
অভিযোগ অনুসৰি বিভিন্ন চৰকাৰী কাৰ্যালয়ত সময়মতে কর্মচাৰী উপস্থিত নোহোৱাত সাধাৰণ মানুহ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। চৰকাৰী কাৰ্যালয়ত সময়ৰ এই সমস্যা সমাধানৰ বাবে বহু আগতেই বায়’মেট্ৰিক ব্যৱস্থাৰ উপস্থিতি প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু ক’ভিডৰ সময়ৰ পৰা সেই ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা নাই। অভিযোগ অনুসৰি ইয়াৰ পিছত পৰিস্থিতি স্বাভাৱিক হৈ পৰে যদিও বহু বিষয়াই পূৰ্বৰ দৰে নিয়ম মানি চলিব বিচৰা নাই । চৰকাৰী সূত্ৰৰ মতে, এনে অনিয়ম ৰোধৰ বাবে কেন্দ্রই নতুন নিয়ম কটকটীয়া কৰি তুলিছে৷