পুনৰ এক শক্তিশালী ধুমুহাই জোঁকাৰি যাব বিশ্বৰ কেইবাটাও প্ৰান্ত ৷ চলিত বর্ষৰ আটাইতকৈ শক্তিশালী গোলকীয় ধুমুহাই প্ৰতি ঘণ্টাত ১৬০ মাইল বেগত গতি কৰিছে ৷ আটাইতকৈ শক্তিশালী হিচাপে বিবেচিত হোৱা এই ধুমুহাই পূব চীন সাগৰৰ ওপৰেৰে জাপানৰ দক্ষিণ দ্বীপসমূহক কোবাই যাব ৷ আৰু চীনৰ পূব উপকূলত এই বতাহৰ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷
আমেৰিকাৰ টাইফুন ৱাৰ্নিং চেণ্টাৰৰ মতে, ছুপাৰ টাইফুন হিন্নামনৰে বৰ্তমান প্ৰতি ঘণ্টাত প্ৰায় ১৬০ মাইল (২৫৭ কিলোমিটাৰ) বেগত গতি কৰিছে ৷ ইয়াৰ সৰ্বোচ্চ তৰংগৰ উচ্চতা হৈছে ৫০ ফুট (১৫ মিটাৰ)।
জাপান বতৰ বিজ্ঞান সংস্থাৰ এজন বিষয়াই জনোৱা মতে, এই সময়ত ৰেকৰ্ড কৰা সৰ্বোচ্চ স্থায়ী বতাহৰ গতিবেগৰ ওপৰত ভিত্তি কৰি ২০২২ চনৰ আটাইতকৈ প্ৰবল ধুমুহা হিচাপে হিন্নামনৰক স্বীকৃতি দিয়া হৈছে ৷ ।
হংকং মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, পুৱা ১০ বজাত জাপানৰ অকিনাৱাৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ পূব দিশত এই বধুমুহাৰ কেন্দ্ৰবিন্দু আছিল ৷ ই ৰ্যুকিউ দ্বীপপুঞ্জৰ ফালে প্ৰতি ঘণ্টাত প্ৰায় ২২ কিলোমিটাৰ বেগত পশ্চিম-দক্ষিণ-পশ্চিম দিশলৈ গতি কৰিব বুলি পূৰ্বানুমান কৰা হৈছে।
আমেৰিকাৰ জে টি ডব্লিউ চিয়ে পূৰ্বানুমান কৰিছে যে অনাগত দিনত এই ছুপাৰ টাইফুন কিছু দূর্বল হৈ পৰিব ৷ উল্লেখ্য যে আফ্ৰিকা আৰু কেৰিবিয়ানৰ মাজৰ অঞ্চলটোক ‘হাৰিকেন এলি’ নামেৰে জনাজাত ৷ আগষ্টত সাধাৰণতে এই অঞ্চলটোত সাগৰীয় ধুমুহাই কোবাই যায় ৷ ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ ফিল ক্লট্জবাকে কয় যে সাত দশকৰো অধিক সময় ভিতৰত মাত্ৰ দুবাৰ ক্ৰমে ১৯৬১ চনত আৰু আনটো ১৯৯৭ চনৰ আগষ্টত এই অঞ্চলত ধুমুহা বতাহে কোবাই যোৱা নাছিল ৷ ।