আজি পুৱা প্ৰায় তিনি বজাতে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে ওলাই যোৱা কেইবাজনো যুৱকে এক শোকাবহ দুৰ্ঘটনাত পতিত হৈ আঁকোৱালি লয় অকাল মৃত্যুক ৷ কলিয়াবৰৰ কাঞ্চনজুৰিত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটোত শোকাবহ ভাৱে মৃত্যুক সাবটে চাৰিজনকৈ যুৱক ক্ৰমে যোৰহাটৰ ৰোহিত দাস(২৩), ঋষভ দাস(১৯) অংকুৰ জ্যোতি বৰা(২০) আৰু মাজুলীৰ ৰাহুল সেনাপতিয়ে(২০)। জানিব পৰা মতে নিহত ৰোহিত দাস, ঋষভ দাস আৰু ৰাহুল সেনাপতি যোৰহাট জেবি কলেজৰ ছাত্ৰ। আনহাতে অংকুৰজ্যোতি বৰা এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷
কাঞ্চনজুৰিত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা পিলাৰত খুন্দা মাৰি পানীভৰ্তি খাৱৈত সোমাই যায় যোৰহাট অভিমুখী হোণ্ডাই অ’ৰা বাহনখন। এনে অৱস্থাত আইনা ভাঙি ওলাই আহি কথমপি প্ৰাণৰক্ষা পৰে আন এজন আৰোহী শচীন বৰদলৈৰ। জানিব পৰা মতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ শচীন বৰদলৈ
তথ্য অনুসৰি, পুৱা তিনি বজাতে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে ওলাই আহিছিল যুৱককেইজন। । চালকৰ টোপনি, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আৰু ধাৰাষাৰ বৰষুণেই দুৰ্ঘটনাৰ কাৰণ বুলি ঠাৱৰ কৰা হৈছে। আনহাতে বাহনখনৰ ভিতৰত ছীট বেল্ট লগাই থকাৰ বাবেই চাৰি যুৱক আবদ্ধ হৈ পৰি গাড়ীৰ ভিতৰতেই মৃত্যুক আকোৱালি ল’ব লগা হ’ল বুলি সন্দেহ কৰা হৈছে।