উচ্চ শিক্ষা প্ৰতিষ্ঠানএন আই টি শিলচৰৰ ইলেকট্ৰনিক ইঞ্জিনিয়াৰিং বিভাগৰ পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী কোজ বুকেৰৰ মৃত্যুৰ ন্যায়ৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। সহপাঠী সকলে আন্দোলন অব্যাহত ৰাখিছে। শিক্ষাৰ্থীসকলে একাডেমিক ডীন বিনয় কৃষ্ণ ৰায়ৰ পদত্যাগৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে।
সোমবাৰে পুৱাৰে পৰা এন আই টি জিমখানা খেলপথাৰত শিক্ষাৰ্থীসকলে শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰাখিছে। ছাত্ৰ-ছাত্ৰীসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে এই আন্দোলন অব্যাহত ৰাখিব ।শিক্ষাৰ্থী সকলে হাতত প্লেকাৰ্ড আৰু বেনাৰ লৈ শান্তিপূৰ্ণ সত্যাগ্ৰহ আন্দোলন কাৰ্যসূচী পালন কৰে।
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে উচ্চ পৰ্যায়ৰ এখন কমিটি গঠন কৰিবলৈ দাবী উত্থাপন
কৰিছে।
আনহাতে মৃত ছাত্ৰজন ড্ৰাগছ আসক্ত বুলি কৰ্তৃপক্ষই অনা অভিযোগ শিক্ষাৰ্থী সকলে নস্যাত কৰিছে ।ইয়াৰ বাবে ক্ষমা খুজিবলৈ
দাবী উত্থাপন কৰিছে ।
ইফালে, শিক্ষাৰ্থীসকলৰ দাবীৰ পিছতো ডীন বিনয় কৃষ্ণ ৰায়ৰ বিৰুদ্ধে এতিয়াও কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দেওবাৰে এন আই টি ষ্টুডেণ্ট ইউনিয়ন জিমখানাৰ বিষয়াসকলে পদত্যাগ কৰিছে ।