সোৱণশিৰি নৈৰ বৰ্ধিত জলপৃষ্ঠই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ তীব্ৰ ভাবুকী কঢ়িয়াই আনিছে। উল্লেখ্য যে অসমবাসীৰ জনমতক সম্পূৰ্ণ উপেক্ষা কৰি এন এইচ পি চিয়ে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিছে।
দুই-তিনিদিন একেৰাহে তিব্বতত হোৱা প্ৰৱল বৰষুণৰ ফলত নৈখনৰ বুকুৰে পানীৰ ভয়ংকৰ ধল নামি আহিছে। এই ধলেই প্ৰকল্পটোৰ বাবে ভয়ানক বিপদ কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে।
নৈখনৰ তীব্ৰ সোঁতৰ পৰিণতিত এন এইচ পি চিৰ ব্যয়বহুল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধটোৰ দুই ফুট উচ্চতাৰে পানী বাগৰাৰ সমান্তৰালভাৱে গার্ডৱালৰ এটা অংশ খহি গৈছে৷ তদুপৰি পানীৰ সোঁতে টানেল ৰোডৰ এটা অংশ উটুৱাই নিছে৷ সোৱণশিৰি নৈৰ সোঁত পাৱাৰ হাউছৰ বাবেও বিপদজনক হৈ পৰিছে।
এন এইচ পি চিৰ এক সূত্রই ঠাৱৰ কৰিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ সোমাই অহা পানী পুনৰ নৈৰ বুকুলৈ বোৱাই দিয়াৰ পৰিকল্পনাৰে এন এইচ পি চিয়ে ৮টাকৈ ‘ডাইভার্চন টানেল’ নির্মাণ কৰিছিল৷ কিন্তু তিব্বতত হোৱা মুষলধাৰ বৰষুণৰ বাবে সোৱণশিৰি নৈৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি হোৱাত এই ‘ডাইভার্চন টানেল’কেইটাৰ পানীৰ বহনক্ষমতা হেৰাই গৈছে৷
ফলত প্ৰয়োজনতকৈ বহু বেছি পানী প্রকল্পটোলৈ সোমাই অহাৰ বাবে সেয়া ‘ডাইভার্চন টানেল’ৰ দ্বাৰা নৈৰ বুকুত পুনৰ বোৱাই দিব পৰা হোৱা নাই৷ যাৰ পৰিণতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ লগতে গার্ডৱাল আৰু টানেল ৰোডৰ এক অংশ খহি পৰিছে৷
সূত্রটোয়ে দাবী কৰা মতে সোৱণশিৰি নৈৰ তীব্ৰ সোঁতে প্রকল্পটোৰ বিভিন্ন স্থানলৈ যোৱা পথসমূহৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই অনাৰ লগতে পাৱাৰ হাউছত আঘাত হনাৰ সম্ভাৱনাও প্রকট কৰি তুলিছে। এনে পৰিস্থিতিত সোঁতৰ তীব্ৰতা কমিলেহে সকলো স্থান সুৰক্ষিত হৈ ৰ’ব।
গুৰুত্বপূৰ্ণভাৱে বিভিন্ন দল–সংগঠন আৰু অসমবাসী বিশেষকৈ নামনি অংশৰ জনসাধাৰণে ভূকম্পপ্রৱণ অঞ্চলত নির্মীয়মাণ বৃহৎ নদীবান্ধটোৰ এতিয়াও বিৰোধিতা কৰি আহিছে৷ ইয়াৰ বিপৰীতে এন এইচ পি চি তথা সংশ্লিষ্ট কর্তৃপক্ষ ইয়াক নিৰ্মাণ কৰিবলৈ বদ্ধপৰিকৰ।২০০৫ চনতে আৰম্ভ কৰা প্ৰকল্পটোৰ কাম ২০১০ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
কিন্তু বিভিন্ন দল-সংগঠন তথা অসমৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰাৰ বাবে প্ৰকল্পটোৰ কাম স্থবিৰ হৈ পৰিছিল। শেহতীয়াকৈ ইয়াৰ নির্মাণকার্য আৰম্ভ কৰি কেন্দ্রীয় শক্তি মন্ত্রালয়ে ২০২৩ চনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন কার্য আৰম্ভ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ এই লক্ষ্য আগত লৈ যুদ্ধকালীন গতিৰে ক’ভিড পৰিস্থিতিতো কাম অব্যাহত ৰখা হৈছে যদিও এতিয়া মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ কথা বিয়পি পৰাৰ লগে লগে জনসাধাৰণৰ মাজত স্বাভাৱিকতেই আতংকৰ সৃষ্টি হৈছে।
মন কৰিবলগীয়া যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সামগ্রিক নির্মাণকার্য সম্প্রতি প্রায় ৭৫ শতাংশ সম্পূর্ণ হৈ উঠিছে৷ বিশেষকৈ মূল বান্ধ আৰু ইনটেক টানেলৰ নির্মাণকার্য সম্পূর্ণ হৈছে ৭০ শতাংশতকৈও অধিক৷ সেইদৰে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পাৱাৰ হাউছৰ নির্মাণকার্যও ৫০ শতাংশতকৈ অধিক সম্পূর্ণ হৈছে৷
এনে সময়ত সোৱণশিৰি নৈৰ বর্ধিত জলপৃষ্ঠই কঢ়িয়াই অনা প্রাকৃতিক দুর্যোগৰ মোকাবিলা কৰিবলৈ এন এইচ পি চি কর্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে সেই কথা জানিবলৈহে অসমৰ ৰাইজ অধীৰ হৈ পৰিছে।