আয়ুৰ্বেদ ক্ষেত্ৰখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলোৰে পৰিচিত বিশিষ্ট আয়ুৰ্বেদিক বিশেষজ্ঞ ড° অ পি গুপ্তাৰ তত্ত্বাৱধানত দুদিনীয়া কাৰ্যসূচীৰে স্বেচ্ছাসেৱী অনুষ্ঠান স্বাস্থ্যমৰ উদ্যোগত আৰু গুৱাহাটীৰ জু-ৰোড স্থিত জগাতি নেচাৰ কেয়াৰত আয়ুৰ্বেদ আৰু পঞ্চকৰ্ম কৰ্মশালাৰ ২৩ আৰু ২৪ চেপ্তেম্বৰত অনুষ্ঠিত হয় ৷ স্বাস্থ্যমৰ কৰ্মকৰ্তা অৰুন্ধতী তালুকদাৰৰ নেতৃত্বত সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা মংগলাচৰণেৰে আৰম্ভ হোৱা কৰ্মসূচীত বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আয়ুৰ্বেদ গৌৰব, আচাৰ্য বঁটা বিজয়ী ড° অ পি গুপ্তাই ৷
উদ্বোধনী অনুষ্ঠানত আয়ুস মন্ত্ৰণালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডা° বিনোদ কুমাৰ ভৰালী , বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডা° পুনম শৰ্মা , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ থেৰাপিষ্ট অনিল শৰ্মা উপস্থিত থাকি ভাষন প্ৰদান কৰে ৷ স্বাস্থ্যমৰ সম্পাদক গৌতম পাটোৱাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত জগাতি নেচাৰ কেয়াৰৰ ৱৰ্ষা জগাতিয়ে আদৰণি ভাষন প্ৰদান কৰে ৷
যোগ সাধনা আৰু যোগ প্ৰচাৰক বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা উদ্বোধনী অনুষ্ঠানৰ সমাপ্তিৰ পিচতেই আয়ুৰ্বেদৰ আৰম্ভণি , গুৰুত্ব , আৱশ্যকতা আদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়ে সমল ব্যক্তি ড° অ পি গুপ্তাই ।লগতে পঞ্চকৰ্মৰ বিষয়ে প্ৰশিক্ষণত বিতংভাৱে প্ৰশিক্ষণ আগবঢ়াই ড° পুনম শৰ্মাই ৷ প্ৰশিক্ষণৰ দ্বিতীয় দিনা ড° অ পি গুপ্তা , শ্বিলঙৰ এন ই আই এ এইচ ( NEIAH) সহকাৰী অধ্যাপক ড° অভিশেষ ভট্টাচাৰ্য ,
আয়ুসৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ড° বিনোদ কুমাৰ ভৰালী আৰু আয়ুসৰ নডেল অফিচাৰ কৰৱী হাজৰিকা সমল ব্যক্তি হিচাপে উপস্থিত থাকি আয়ুৰ্বেদ পঞ্চকৰ্ম বিষয়ে – বামন , বিৰোচন , প্ৰাকৃতিক চিকিৎসা , শিৰোধাৰা আদি বিষয়ত তাত্বিক আৰু ব্যৱহাৰিক আকৰ্ষণীয় প্ৰশিক্ষণেৰে প্ৰশিক্ষাৰ্থীসকলৰ তন মন জয় কৰাৰ লগতে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ অসমৰ আঠখন জিলাৰ ৩৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দুদিনীয়া প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয় । স্বাস্থ্যমৰ সভাপতি সুৰেশ পোদ্দাৰে প্ৰশিক্ষণত প্ৰশিক্ষণ আগবঢ়োৱা সমল ব্যক্তিসকল , বিশিষ্ট অতিথি আৰু প্ৰশিক্ষাৰ্থী সকলোকে বিশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ৷