VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম গ্ৰন্থমেলা, শিলচৰৰ সফল সামৰণি

যন্ত্ৰ আৱিষ্কাৰৰ বহু কাল পূৰ্বে ভাৰতবৰ্ষত গ্ৰন্থ ৰচনা হৈছিলঃড° অমলেন্দু ভট্টাচাৰ্য

voicedesk by voicedesk
December 11, 2023
in মুখ্য সংবাদ
অসম গ্ৰন্থমেলা, শিলচৰৰ সফল সামৰণি
0
SHARES
148
VIEWS
Share on FacebookShare on Twitter

এলানি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ, সাহিত্য-সাংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণৰ লগতে শীতৰ ঋতুত গ্ৰন্থৰ উমাল সুবাস বিয়পাই আজি সফল সামৰণি পৰিল অসম গ্ৰন্থমেলা, শিলচৰৰ ৷ যোৱা ১ ডিচেম্বৰৰ পৰা দহদিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত পুলিচ পেৰেড গ্ৰাউণ্ডত যৌথভাৱে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ আজি সামৰণী সভাৰ আয়োজন কৰা হয় ৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অমলেন্দু ভট্টাচাৰ্যই ৷ তেওঁ ভাষণত কয়—“ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসমৰ গ্ৰন্থ আন্দোলনত নতুন গতি প্ৰদান কৰিছে ৷ বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণ ব্যাপক হ’লেও জ্ঞানাৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নেই উত্তম উপায় ৷ গ্ৰন্থ অবিহনে কোনো জাতিয়ে নিজৰ সভ্যতা-সংস্কৃতিৰ উত্তৰণ ঘটাব নোৱাৰে ৷

নতুন প্ৰজন্মই কিতাপৰ স’তে বন্ধুত্ব গঢ়ি তুলিলে আমাৰ ভৱিষ্যত সমাজখন সুন্দৰ হৈ থাকিব ৷ ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰে পৰা গ্ৰন্থ লেখা আৰু পঢ়াৰ সংস্কৃতি গঢ়ি উঠিছে ৷ লিখন যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ বহু কাল আগতে ভাৰতবৰ্ষত হাতেৰে বৃহৎ গ্ৰন্থ ৰচনা কৰা হৈছিল ৷ মহাকাব্যসমূহেই ইয়াৰ প্ৰমাণ ৷ ৰজা-মহাৰজাসকলে গ্ৰন্থ উপহাৰ দিয়াৰ পৰম্পৰা অসমতো আছিল ৷ বানভট্ট, ভাস্কৰ বৰ্মনৰ দিনতো অসমত গ্ৰন্থৰ ঐতিহ্য গঢ়ি উঠিছিল ৷” তেওঁ ঐতিহ্য বিষয়ক গ্ৰন্থ প্ৰনয়ণৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি কয় যে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত ভাষাৰ তফাৎ থাকিলেও সংস্কৃতি আৰু ঐতিহ্য একেই ৷ এইক্ষেত্ৰত তেওঁ গুৱাহাটীৰ উমানন্দ মন্দিৰ ,হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সৈতে থকা বৰাক উপত্যকাৰ আধ্যাত্মিক সম্পৰ্ক , অগ্নিগড়ৰ বানৰজা আৰু ঊষা-অনিৰুদ্ধৰ প্ৰচলিত কথাৰে থকা প্ৰাচীন বিশ্বাস তথা সম্পৰ্কৰ বিষয়ে দোহাৰে ৷ মানৱ সভ্যতাৰেই গতি গ্ৰন্থই নিৰ্ণয় কৰা বুলি সদৰী কৰি ড° ভট্টাচাৰ্যই সকলোকে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড° নিৰঞ্জন ৰায়ে ৷ তেওঁ কয় যে আমাৰ সমাজত অধ্যয়ন সংস্কৃতি জাগ্ৰত কৰাৰ বাবে গ্ৰন্থমেলাৰ আয়োজন এক সুন্দৰ পদক্ষেপ ৷ জ্ঞান হৈছে মহাশক্তি ৷ এই মহাশক্তি আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়ন কৰি ৷ ভাৰতবৰ্ষত জ্ঞান চৰ্চাৰ পৰম্পৰা অতি প্ৰাচীন ৷ ভাৰতবৰ্ষৰ জ্ঞান চৰ্চা আৰু সধনাই সমগ্ৰ পৃথিৱীক আলোকিত কৰিছে ৷ এই পৰম্পৰা এতিয়াও অব্যাহত আছে ৷ তেওঁ প্ৰসংগক্ৰমে স্বামী বিবেকানন্দৰ উদ্ধৃতি দি কয় যে নৱ ভৰতে পৃথিৱী জয় কৰিব জ্ঞানৰ আধাৰত ৷ এই যাত্ৰা নিশ্চিতভাৱে অমৃত কালৰ যাত্ৰা ৷ এই ক্ষেত্ৰত তৰুণ প্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷

গতিকে ইতিহাস, সংস্কৃতি, বিজ্ঞান— সকলো জ্ঞানৰ জৰিয়তে তৰুণ প্ৰজন্মক প্ৰস্তুত কৰিব লাগিব ৷ ইয়াৰ মূল আধাৰ হ’ব গ্ৰন্থ ৷ গ্ৰন্থমেলা শিকন প্ৰক্ৰিয়াৰ এক অংগ ৷ সেইবাবেই এনেদৰে অঞ্চলে অঞ্চলে গ্ৰন্থমেলাৰ আয়োজন অতি আদৰণীয় ৷ তেওঁ পুনৰ কয় যে ভাষা কেতিয়াও বিভেদৰ আধাৰ নহয় ৷ ভাষা হৈছে এক অভিব্যক্তি ৷ ভাষাই মানুহৰ মাজত ঐক্য-সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ কৰে ৷সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে শিলচৰ সমষ্টিৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে ৷ তেওঁ ভাষণত কয় যে গ্ৰন্থমেলা এক সামূহিক আশাবাদৰ প্ৰতীক ৷ শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো অতি আনন্দৰ কথা ৷ গ্ৰন্থমেলাৰ জৰিয়তে লেখক-পাঠক , শিক্ষক-শিক্ষাৰ্থী সকলো পক্ষকে উপকৃত কৰিছে ৷ কিতাপ হৈছে মানুহৰ পৰম বন্ধু ৷ কিতাপে মানুহৰ ব্যক্তিগত জীৱন আৰু সামাজ-জীৱনৰ সমস্যা সমাধানৰ বাট প্ৰশস্ত কৰে ৷ বৰ্তমান ইন্টাৰনেটৰ মাধ্যমত বহু জ্ঞান আহৰণ কৰিব পাৰি ৷ কিন্তু কিতাপ এখন হাতত লৈ পঢ়াৰ আনন্দ সুকীয়া আৰু অনন্য ৷ তেওঁ প্ৰতি বছৰে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ৷ আন এগৰাকী বিশিষ্ট অতথি, কবি-সমালোচক, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে অসম গ্ৰন্থমেলা, শিলচৰলৈ কাছাৰ জিলাবাসীৰ সঁহাৰী অভূতপূৰ্ব ৷ ইয়াৰ ফলত এই বৃহত্তৰ অঞ্চলৰ বৌদ্ধিক সমাজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল নিশ্চিতভাৱে উপকৃত হৈছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদৰ্শী সুচিন্তনৰ বাবেই এনেদৰে চৰকাৰীভাৱে গ্ৰন্থমেলাৰ আয়োজন সম্ভৱ হৈ উঠিছে ৷ তেওঁ লগতে কয় যে জ্ঞান অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ কোনো বিকল্প নাই ৷ তথ্য আহৰণ আৰু জ্ঞান আহৰণৰ মাজত পাৰ্থক্য আছে ৷

জ্ঞানে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে ৷ এই উত্তৰণত গ্ৰন্থৰ ভূমিকা সৰ্বোত্তম ৷সামৰণী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসমীয়া মানুহে সুন্দৰকৈ বাংলা ভাষা বুজি পায় আৰু বৰাক উপত্যকাৰ বাঙালীসকলেও অসমীয়া ভাষা সুন্দৰকৈ বুজি পায় ৷ শিলচৰত অসম গ্ৰন্থমেলাৰ আয়োজনে দুয়োটা উপত্যকাৰ ভাষিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক ইতিবাচক সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে বিভিন্ন জিলাৰ বিভিন্ন স্থানত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে ৷ ইয়াৰ ফলত ৰাজ্যখনত এক সুস্থ বৌদ্ধিক আৰু বিদ্যায়তনিক পৰিৱেশ গঢ়ি উঠিব বুলি মত প্ৰকাশ কৰিব পাৰি ৷শিলচৰত গ্ৰন্থ বিক্ৰীও ভাল হোৱা বুলি সদৰী কৰি গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাৰ বাবে শিলচৰবাসীক ধন্যবাদ জ্ঞাপন কৰে সচিব কলিতাই ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷সভাৰ আৰম্ভণিতে সৃজনী দেৱে এটি নৃত্য আৰোপিত সৰস্বতী বন্দনা পৰিৱেশন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হয় ৷ ইপিনে গ্ৰন্থমেলাৰে সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা-বিতৰণিও অনুষ্ঠিত হয় আজি ৷ সাংস্কৃতিক সম্পাদক প্ৰবোধ দাসে জনোৱা ফলাফল অনুসৰি প্ৰথম গুৰুচৰণ কলেজ,দ্বিতীয় মহৰ্ষি বিদ্যামন্দিৰ,তৃতীয় ৰামানুজ বিদ্যামন্দিৰ আৰু চতুৰ্থ স্থান লাভ কৰিছে কাঁচামাটি বিদ্যামন্দিৰে ৷

Previous Post

কামৰূপ মহানগৰ জিলাত সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক প্ৰতিযোগিতা অব্যাহত

Next Post

পুনৰ এনকাউন্টাৰ! দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পুনৰ  এনকাউন্টাৰ! দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

পুনৰ এনকাউন্টাৰ! দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7