VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলিয়াবৰত আৰক্ষী দিৱসত দেৱব্ৰত বৰঠাকুৰৰ নাটক “আৰক্ষী চকী”ৰ সফল মঞ্চায়ন

voicedesk by voicedesk
October 3, 2023
in মুখ্য সংবাদ
কলিয়াবৰত আৰক্ষী দিৱসত দেৱব্ৰত বৰঠাকুৰৰ নাটক “আৰক্ষী চকী”ৰ সফল মঞ্চায়ন
0
SHARES
406
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২অক্টোবৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ অগ্ৰণী সাংস্কৃতিক-সামাজিক অনুষ্ঠান “ক্ৰিয়েটিভ- কলিয়াবৰ”ৰ উদ্যোগত আৰু নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ১ অক্টোবৰত অসম আৰক্ষী দিৱসটি আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হয় । এই উপলক্ষে সন্ধিয়া ৭বজাৰ পৰা কুঁৱৰীটোলস্থিত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত কলিয়াবৰ মহকুমাৰসমূহ আৰক্ষীৰ উপস্থিতিত উদযাপিত আৰক্ষী দিৱসটি বন্তি প্ৰজ্বালনৰে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই ।

ইয়াৰ পিছতে উদ্যোক্তা অনুষ্ঠানটিৰ হৈ মহকুমাটোৰ কলিয়াবৰৰ উপৰি জখলাবন্ধা, উলুৱনি, ৰূপহী, চামগুৰিকে আদি কৰি জিলাখনৰ প্ৰায় সংখ্যক থানা এলেকাৰ আৰক্ষী তথা আৰক্ষী বিষয়াসকলক আৰক্ষী দিৱসৰ সন্মান জনোৱা হয় । ৰূপালীম গোস্বামীৰ বৰগীতৰ আধাৰত এটি নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচীৰ মুকলি কৰি মঞ্চস্থ কৰা হয় নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ দ্বাৰা ৰচিত নাটক “আৰক্ষী চকী”৷ ক্ৰিয়েটিভ কলিয়াবৰৰ সভাপতি নৃপেন চন্দ্ৰ কেওটে পৰিচালনা কৰা নাটকখনিত অভিনয় কৰে কলিয়াবৰৰ ন-পুৰণি শিল্পীয়ে ৷ আজিৰ সমাজ ব্যৱস্থাত ৰাজনীতিৰ প্ৰভাৱ আৰু ইয়াৰ মাজতে মূৰ তুলি সমাজত থিয় দি থকা এমুঠি সাহসী আৰক্ষীৰ সমাজ সংস্কাৰৰ পদক্ষেপৰ আধাৰত ৰচিত নাটকখনৰ আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰে পল্লৱ শইকীয়াই ৷

সেইদৰে ফুলকোঁৱৰৰ চৰিত্ৰত মৃদুল হাজৰিকা,গগৈ কনিষ্টবল চৰিত্ৰত প্ৰাঞ্জল নাথ,নাথ কনিষ্টবল চৰিত্ৰত মোহিত ভূঞা,চকিদাৰ চৰিত্ৰত সঞ্জয় বৰা,সাগৰৰ চৰিত্ৰত চন্দন শইকীয়া,মহেন্দ্ৰ শইকীয়া চৰিত্ৰত লক্ষ্যজ্যোতি, প্ৰধান শিক্ষকৰ চৰিত্ৰত অনুপ বৰা,সাংবাদিকৰ চৰিত্ৰত ৰাজ হাজৰিকা আৰু গোলাপীৰ চৰিত্ৰত শিল্পী ওজাই অভিনয় কৰে ।
দৰ্শকৰ সমাদৰ বাৰুকৈয়ে লাভ কৰি সমাদৃত নাটকখনৰ সংগীত আৰু পোহৰ ব্যৱস্থাপনাত আছিল সঞ্জীৱ শইকীয়া,সহযোগী হিচাপে আছিল গুনমণি ওজা। সাজসজ্জা আৰু ৰূপসজ্জা ৰূপজ্যোতি গোস্বামীৰ,সহযোগী হিয়াশ্ৰী কেওট। শব্দ আৰু পোহৰ ব্যৱস্থাপনাত মুন ৷

ক্ৰিয়েটিভ কলিয়াবৰৰ প্ৰতিগৰাকী নিষ্ঠাবান সদস্য-সদস্যা তথা শুভাকাংক্ষীয়ে প্ৰতিটো ক্ষেত্ৰতে সৱল সহযোগিতাৰে অনুষ্ঠানটো সফল কৰি তোলে। সামগ্ৰিকভাৱে অভিনয়,সংগীত আৰু পোহৰ সজ্জাত সফলতা লাভ কৰিছে “আৰক্ষী চকী” নাটকখনে ৷ “ক্ৰিয়েটিভ কলিয়াবৰ”ৰ সম্পাদক ভৱেন বৰুৱাৰ লগতে জয়ন্ত কুমাৰ শৰ্মাই অনুষ্ঠানটিৰ সামগ্ৰিক দিশটো চোৱাচিতা কৰিছিল ৷ দৰ্শকৰে পূৰ্ণ প্ৰেক্ষাগৃহত নাটকৰ শেষত মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ দ্বাৰা এটি কেক্ কাটি সকলো আৰক্ষী প্ৰশাসনৰ উপস্থিতিত মঞ্চতে আৰক্ষী দিৱসটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে “ক্ৰিয়েটিভ- কলিয়াবৰে” ।

Previous Post

চাহ শ্ৰমিকৰ মজুৰি বাঢ়িব মাত্ৰ ১৮ টকা, ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত

Next Post

কলিয়াবৰ “মীন পালন আৰু কৃষি ফাৰ্মাৰ প্র’ডিউচাৰ কোম্পানী লিমিটেড”ৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কলিয়াবৰ “মীন পালন আৰু কৃষি ফাৰ্মাৰ প্র’ডিউচাৰ কোম্পানী লিমিটেড”ৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

কলিয়াবৰ "মীন পালন আৰু কৃষি ফাৰ্মাৰ প্র'ডিউচাৰ কোম্পানী লিমিটেড"ৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7