প্ৰকৃতি সংৰক্ষণৰ বাবে অমৃত বৃক্ষ ৰোপনকে ধৰি কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গছ ৰোপনৰ বিশেষ পদক্ষেপ ৷ কিন্তু ইয়াৰ মাজতে প্ৰকৃতি ধ্বংস অভিযানত নামি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষ ৷ হঠাৎ কাটি পেলোৱা হ’ল বিশ্ববিদ্যালয় চৌহদৰ বহুসংখ্যক গছ ৷ কৃষ্ণচূড়াৰ দেশ হিচাপে পৰীণিত বিশ্ববিদ্যালয় চৌহদত গছ কটাৰ লগতে বৃহৎ গছসমূহৰ ডালসমূহ কাটি পেলোৱা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি বিশ্ববিদ্যালয়খনলৈ আহিব “নাক”ৰ প্ৰতিনিধি দল ৷ যাৰ বাবে বিশ্ববিদ্যালয়খনত গ্ৰহণ কৰিব সৌন্দর্য্যবর্ধনৰ কাম ৷ ইয়াৰ বাবেই মূল্যবান গছ গছনিসমূহ এফালৰ পৰা কাটি তহিলং কৰা হৈছে ৷ লক্ষণীয়ভাৱে দূর্গা পূজাৰ বন্ধৰ বাবে বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলঘৰলৈ গৈছে ৷ এি সময়তে সংশ্লিষ্ট কতৃপক্ষই গছ কটাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ ছাত্ৰ সমাজৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ ভয়তে এনেদৰে বন্ধৰ সময়ছোৱাত গছ কটা হৈছে নেকি বুলিও প্ৰশ্নৰ উত্থাপন হৈছে ৷