সুদীর্ঘ ছটা মাহজুৰি দেশৰ বিভিন্ন কোণৰ পৰা অহা অপৰিসীম প্ৰতিভাৰ নৃত্যশিল্পী সকলৰ দ্বাৰা পৰিবেশিত নৃত্যৰে দৰ্শকক মুগ্ধ কৰি ৰখা ভাৰতবৰ্ষৰ জনপ্রিয় ড্যান্স ৰিয়েলিটি শ্ব’ ‘চুপাৰ ড্যান্সাৰ চেপ্টাৰ ফ’ৰ ‘ৰ আজি নিশা ৮বজাত সামৰণি পৰিব ‘নচপন কা মহা মহোৎসৱ’শীৰ্ষক অনুষ্ঠানেৰে। অনুষ্ঠানটিৰ চূড়ান্ত পাঁচজনীয়া প্ৰতিদ্বন্দ্বিৰ তালিকাত স্থান পাইছে অসমৰ যোৰহাটৰ জীয়ৰী ফ্ল’ৰিণা গগৈয়ে। ফ্ল’ৰিণাৰ চুপাৰ গুৰু হ’ল তুষাৰ চেট্টী। তালিকাত স্থান পোৱা বাকী কেইগৰাকীৰ নাম হ’ল দিল্লীৰ ইশা মিশ্ৰ, পাঞ্জাবৰ সঞ্চিত চনানা, কৰ্ণাটকৰ পৃথ্বীৰাজ ক’ঙ্গাৰ আৰু মধ্যপ্ৰদেশৰ নীৰ্জা ।
প্ৰতিগৰাকীয়েই চূড়ান্ত ভাবে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শনৰ বাবে সম্পূৰ্ণ ৰূপে নিজক আগতকৈও অধিক শক্তিশালী কৰি তুলিছে।
আজি নিশাৰ খণ্ডটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছে ফ্ল’ৰিণাৰ অনুৰাগী তথা অসম বাসী ৰাইজে।