দীৰ্ঘদিনীয়া দাবী পুৰণ হ’ল অভয়াপুৰী, বিলাসীপাৰা, গৌৰীপুৰবাসীৰ ৷ অৱশেষত গুৱাহাটীৰ পৰা অভয়াপুৰী, বিলাসীপাৰা, গৌৰীপুৰৰ মাজেদি দিল্লীলৈ নতুন ছুপাৰফাষ্ট যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হ’ল । উত্তৰ বংগ আৰু পশ্চিম অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী-সংগ্ৰামৰ অন্তত এই পথত যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হ’ল৷
নিউ ময়নাগুৰিৰ পৰা যোগীঘোপালৈ ৰে’লপথ নিৰ্মাণৰ বাবে ৰে’লপথ দাবী সমিতিয়ে ২০ বছৰ ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল৷ প্ৰায় একুৰি বছৰ ধৰি সংগ্ৰাম চলোৱাৰ পিছত ৰে’ল পথছোৱা নিৰ্মাণ হয় যদিও নিৰ্মাণ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো যাত্ৰীবাহী ৰে’ল চলাচল কৰা নাছিল৷ বিগত দুবছৰে এই পথত কেৱল মালবাহী ৰে’ল চলাচল কৰিছিল।
শেহতীয়াকৈ ৰে’লৱে কৰ্তৃপক্ষই ১৬ ফেব্ৰুৱাৰীৰ পৰা সপ্তাহিক যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ কৰে৷ কামাখ্যা ষ্টেচনৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ চলাচল আৰম্ভ হোৱা ৰে’লখনত এচি প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ লগতে শ্লিপাৰ ক্লাছ আৰু সাধাৰণ শ্ৰেণীৰ দুটা ডবাও অন্তৰ্ভুক্ত কৰা হৈছে।
নামনিৰ যাত্ৰীৰ সুবিধাৰ কথা চিন্তা কৰি ৰে’ল কৰ্তৃপক্ষই কামাখ্যাৰ পৰা গোৱালপাৰা, অভয়াপুৰী, বিলাসীপাৰা, গৌৰীপুৰ, গোলকগঞ্জত ৰে’ল ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷