ভোগৰ উৎসৱ ভোগালী বিহুৰ বতৰত নগাঁও জিলা মীন বিভাগে সৰ্বসাধাৰণৰ ৰাইজৰ বাবে সুলভ মূল্যত মাছৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে । নগাঁও জিলা মীন উন্নয়ন বিষয়া সুশীল কুমাৰ নাথে সংবাদ মাধ্যমক জনোৱা মতে শনিবাৰে পুৱা প্ৰায় ৬-৭ বজাৰ পৰা জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত সুলভ মূল্যত মাছ ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
সেই নিমিত্তে মাছৰ মূল্য নিৰ্ধাৰণ কৰিছে । মাঘ বিহুৰ উৰুকা ওপলক্ষে বিক্ৰী হ’বলগীয়া মাছৰ মূল্য নিৰিখ সমূহ এনে ধৰণৰ-ৰৌ,ঢেকেৰা বা বাহু, মিৰিকা মালী ১ কেজিৰ তলত ১৬০ টকা,১ কেজিৰ ওপৰৰ আৰু ২ কেজিৰ তলত ২৫০ টকা, ২ কেজিৰ অধিক আৰু ২.৫ কেজিৰ তলত ৩০০ টকা,২.৫ কেজিৰ অধিক আৰু ৩ কেজিৰ তলত ৩৫০ টকা,৩ কেজিৰ অধিক হ’লে ৪০০ টকা । আনহাতে গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প,কমন কাৰ্প ইত্যাদি ১ কেজিৰ তলত ১৩০ টকা,১ কেজিৰ পৰা ২ কেজিৰ ভিতৰত ১৫০ টকা,২ কেজিৰ ওপৰত আৰু ২.৫ কেজিৰ তলত ২২০ টকা,২.৫ কেজিৰ ওপৰত ৩ কেজিৰ তলত ২৫০ টকা,৩ কেজিৰ ওপৰত ৩০০ টকা ।
ইপিনে আৰি,বৰালি,চিতলৰ প্ৰতি কেজিত ২২০ টকা,১ কেজিৰ পৰা ১.৫ কেজিৰ ভিতৰত ২৭০ টকা,১.৫ কেজিৰ পৰা ২.৫ কেজিৰ ভিতৰত ৪২০ টকা,২.৫ কেজিৰ পৰা ৩ কেজিৰ ভিতৰত ৫২০ টকা,৩ কেজিৰ ওপৰত ৪ কেজিৰ ভিতৰত ৬২০ টকা,৪ কেজিৰ ওপৰত ৫ কেজিৰ তলত ৭২০ টকা আৰু ৫ কেজিৰ ওপৰত ৭৫০ টকা । ইয়াৰোপৰি শ’ল,শাল ইত্যাদি ১কেজিৰ তলত ৩০০ টকা আৰু ১কেজিৰ ওপৰত ৪০০ টকাত ক্ৰয় কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।