সন্মতি সাপেক্ষে সম্বন্ধ স্থাপন কৰাৰ বয়স সন্দৰ্ভত ‘বচপন বচাঅ’ আন্দোলন’ৰ আবেদনৰ ভিত্তিত অনুষ্ঠিত হ’ব ‘উচ্চতম’ শুনানি ৷ ইয়াৰ বিৰুদ্ধে ‘বচপন বচাঅ’ আন্দোলন’এ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
উল্লেখনীয় যে দেশৰ এক আগশাৰীৰ বেচৰকাৰী সংগঠন বচপন বাচাও আন্দোলনে এই সন্মতিৰ বয়স হ্ৰাসৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সংস্থাটোৰ আবেদনত এই কথা স্পষ্টকৈ হৈছিল যে সন্মতিসূচক সম্পৰ্কৰ বাবে বয়সৰ সীমা হ্ৰাস কৰাৰ ফলত ই বৃহৎ সংখ্যাত যৌন শোষণৰ বলি হোৱা শিশু বিশেষকৈ ছোৱালীৰ ভৱিষ্যৎ বিপন্ন কৰিব।
চি জে আইৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই আবেদন সন্দৰ্ভত কেন্দ্ৰলৈ জাননী জাৰি কৰিছে। লগতে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে দাখিল কৰা বিচাৰাধীন আবেদনৰ সৈতে আবেদনখন সংলগ্ন কৰা হৈছে।
যোৱা বছৰৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল এনচিপিচিআৰে য’ত কোৱা হৈছিল যে নাবালক মুছলমান ছোৱালীয়ে নিজৰ পছন্দৰ ব্যক্তিক বিয়া কৰাব পাৰে। ইয়াৰ পিছতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰি এক জাননী জাৰি কৰে।
গুৰুত্বপূৰ্ণ যে ‘বচপন বচাঅ’ আন্দোলন’’ৰ আবেদনত কেইবাটাও গাইডলাইন বিচৰাৰ উপৰিও পকচ’ (POCSO) আইনৰ অধীনত অপৰাধমূলক কাৰ্য্যবিধিৰ সৈতে মোকাবিলা কৰাৰ সময়ত নাবালক ভুক্তভোগীৰ আকস্মিক সম্পৰ্ক আৰু অনৈতিক মনোভাৱৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈও আদালতক নিৰ্দেশ দিয়া হৈছিল।আবেদনখনে তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰা ২০২২চনৰ ৩ ডিচেম্বৰ তাৰিখৰ চাৰ্কুলাৰকো প্ৰত্যাহ্বান জনাইছিল, য’ত পাৰস্পৰিক প্ৰেম সম্পৰ্কীয় বিষয়ৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত খৰখেদা নকৰিবলৈ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছিল য’ত অভিযোগ কৰা হৈছিল যে ইয়াৰে অধিকাংশই ‘পাৰস্পৰিক প্ৰেমৰ সম্পৰ্ক’ৰ শ্ৰেণীত পৰে।।
তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে কিশোৰ-কিশোৰীসকলে সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপনৰ বয়সৰ সীমা হ্ৰাস কৰাৰ বাবে মতামত প্ৰদান কৰিছিল। আদালতে কৈছিল যে বহু দেশত কিশোৰ-কিশোৰীক যৌন সম্পৰ্ক স্থাপনৰ বাবে সন্মতি দিয়াৰ বয়স হ্ৰাস কৰা হৈছে আৰু এতিয়া সময় আহি পৰিছে যে সমগ্ৰ বিশ্বতে ঘটি থকা পৰিস্থিতিৰ বিষয়ে আমাৰ দেশ আৰু সংসদো সচেতন হ’ব লাগে।
যোৱা ১০ জুলাইত গৃহীত হোৱা এক আদেশত ন্যায়াধীশ ভাৰতী ডাংৰেৰ একক বিচাৰপীঠে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ বিধানৰ অধীনত অপৰাধমূলক গোচৰৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে, য’ত সন্মতিসূচক সম্পৰ্কত থকা বুলি কোৱাৰ পিছতো ভুক্তভোগী নাবালকসকলক শাস্তি প্ৰদান কৰা হয় ।