নীট-পি জিৰ কাউন্সেলিঙত আজি স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। সৰ্বভাৰতীয় কোটাত অন্যান্য পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাবে দুৰ্বল শ্রেণীৰ বাবে কেন্দ্ৰই কৰিব বিচৰা সংৰক্ষণৰ বৈধতা সন্দৰ্ভত ন্যায়ালয়ে সিদ্ধান্ত নোলোৱা পর্যন্ত এই নীট-পি জিৰ কাউন্সেলিঙ স্থগিত হৈ থাকিব।
ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ আগত এই বিষয়টো উত্থাপন কৰি জ্যেষ্ঠ অধিবক্তা অৰবিন্দ পি দতৰে কয় যে 25 অক্টোবৰৰ পৰা নীট-পি জিৰ কাউন্সেলিঙ আৰম্ভ কৰা হব বুলি ঘোষণা কৰা হৈছে। সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ মজিয়াত বিচৰাধীন হৈ থকাৰ সময়তে এই প্ৰক্ৰিয়া আৰম্ভ কৰা বাবে তেওঁ ন্যায়ালয়ৰ হস্তক্ষেপৰ আহ্বান জনায়।
ইয়াৰ পাছতে বিচাৰপীঠখনে নীট-পি জিৰ কাউন্সেলিঙত স্থগিতাদেশ জাৰি কৰে। উল্লেখ্য যে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে বছৰি উপাৰ্জন 8 লাখ টকাৰ কেন্দ্ৰই বান্ধি দিয়া সীমাৰ বৈধতাক লৈ যোৱা সপ্তাহত ন্যায়ালয়ে প্ৰশ্ন কৰিছিল। অহা 28 অক্টোবৰত এই গোচৰৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে।