অলপতে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ উচ্চতম ন্যায়ালয়ৰ central empowered committee ৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে গঢ় লৈ উঠা অবৈধ প্ৰতিষ্ঠানসমূহ অনতি পলমে উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে।
কাজিৰঙাৰ হালধিবাৰী আৰু কাঞ্চনজুৰিৰ মাজত থকা ৮ টাকৈ এনিমেল কৰিদৰৰ আশে আশে গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল, মন্দিৰ, চাহ বাগিছা আনকি চৰকাৰী অফিচ, ঘৰসমূহো উচ্ছেদ কৰিব লাগিব বুলি জাননী জাৰি কৰিছে।
অনাগত সময়ত অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব। উল্লেখযোগ্য যে কাজিৰঙাৰ বাগৰি অঞ্চলতে অসমৰ এক প্ৰাচীন মন্দিৰ হালধিবাৰী বুঢ়ী আইৰ মন্দিৰ অৱস্থিত। সেই পথত অহা যোৱা কৰা যাত্ৰীয়ে এবাৰ মূৰ দুৱাই সেই স্থান পাৰ হয়। সকলোৰে বিশ্বাস জড়িত হৈ থকা মন্দিৰভাগক উচ্ছেদ কৰা হ’ব নেকি এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ পাইছে।
ইয়াৰ উপৰিও কাজিৰঙাৰ আশে পাশে কেইবাখনো চাহ বাগিছা আৰু চৰকাৰী আৱাসগৃহ, কাৰ্যালয় আছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাই অসম চৰকাৰকো চিন্তাত পেলাইছে এই কথা সহজে অনুমেয়।