আগশাৰীৰ নাট প্ৰশিক্ষণ প্ৰতিষ্ঠান সুৰজিৎ একাডেমীত যোৱা ২৭ মার্চত বিশ্ব নাট্য দিৱস পালন কৰে। উক্ত কাৰ্য্যক্ৰমত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত ক সীমান্ত শৰ্মাই বিশ্ব থিয়েটাৰ দিৱসৰ বিষয়ে আলোকপাত দাঙি ধৰে ।
একাডেমীয়ে যোৱা ২৫ বছৰে অভিনয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। থিয়েটাৰ মাধ্যম শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে। অসমৰ নাট্যকলা বিশ্বৰ দৰবাৰত মুখ্য স্থান গ্ৰহণ কৰি আহিছে। লগতে সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ এন চি আৰ টি আৰু চি চি আৰ টি, অসম চৰকাৰৰ এছ চি আৰ টি ৰ সমল ব্যক্তি বিনীতা দেৱীয়ে কাৰ্য্যক্ৰমত বিশ্বৰ থিয়েটাৰ কৰা সকলো শিল্পীক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই আৰু বিশ্ব থিয়েটাৰ দিৱসৰ ওপৰত বক্তব্য দাঙি ধৰে ।
বিশ্ব থিয়েটাৰ দিৱসত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত হাৰ্দিক শৰ্মাই নিজে ৰচিত নাট “সপোন” অভিনয় কৰে। তাৰোপৰি কৌস্তভ চৌধুৰী, আৰিয়া জিব্ৰান আৰু অংকুৰ দাসে “ভাগৱৎ সিং” নাটৰ কিছু অংশ অভিনয় কৰে । অনুষ্ঠানত জালুকবাৰীৰ সমীপৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক প্ৰেমীয়ে বিশ্ব থিয়েটাৰ দিৱস কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰি আপ্লুত হৈ পৰে ।