অৱশেষত শান্তি আলোচনাৰ পথলৈ আহিল উগ্ৰবাদী সংগঠন ডি এন এল এ। আজি ডি এন এল এৰ মুখ্য সেনাধ্যক্ষ মুছৰাঙে ৪৬জন কেডাৰসহ আত্মসমৰ্পণ কৰিছে। ডিমা হাছাওৰ হাফলঙৰ খেপৰেত মুচৰাঙসহ কেডাৰ সকলে আত্মসমৰ্পণ কৰিছে।
দিনৰ ১২বজাত আত্মসমৰ্পণ কৰা মুচৰাঙসহ দলটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জমা দিছে।সাতটা অস্ত্ৰ,তিনিটা এ কে৪৭,এটা ইউ এছ কাৰ্বাইন, দুটা ছিংগল বেৰেল গান আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক আত্মসমৰ্পণকাৰী দলটোৱে আৰক্ষীক জমা দিছে।
ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা,অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথ, আই জি পি দীপক কেডিয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষক সহ উচ্চ পদস্থ বিষয়াসকল উগ্ৰবাদী সদস্যই আত্মসমৰ্পণৰ সময়ত উপস্থিত থাকে। ইয়াৰ পূৰ্বে ডি এন এল এৰ অধ্যক্ষ এটিকা ডিপুছাই উপ মূখ্য সেনাধ্যক্ষ আৰু সাধাৰণ সম্পাদকসহ আত্মসমৰ্পণ কৰিছিল।