দীপাৱলী উদযাপনৰ সময়তে ভাৰতত আজি আংশিকভাৱে দৃশ্যমান হ’ব বছৰটোৰ অন্তিম সূর্যগ্ৰহণ ৷ ভাৰতৰ উপৰি ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকাৰ উত্তৰ-পূব অংশ, পশ্চিম এছিয়া, উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ ভাৰত মহাসাগৰ পৰা এই বিৰল মহাজাগতিক পৰিঘটনা দৃশ্যমান হ’ব।
ড্ৰিক পাঞ্চঙৰ মতে, এই সূর্যগ্ৰহণ আংশিক সূৰ্যগ্ৰহণ ৷ সন্ধিয়া ০৪:২৯ বজাৰ পৰা এই গ্ৰহণ দেখা যাব। সন্ধিয়া ০৫:৪২ বজাত সূৰ্যাস্তৰ লগে লগে গ্ৰহণৰ অন্ত পৰিব ৷ সৰ্বোচ্চ সূৰ্যগ্ৰহণৰ সময় হ’ব সন্ধিয়া ০৫:৩০ বজাত। ২০২২ চনৰ এইটো হৈছে দ্বিতীয়টো সূৰ্যগ্ৰহণ ৷
ভাৰতৰ ক’ত ক’ত দৃশ্যমান হ’ব
নতুন দিল্লীঃ বিয়লি ০৪:২৮ বজাৰ পৰা বিয়লি ০৫:৪২ বজালৈ
মুম্বাইঃ সন্ধিয়া ০৪:৪৯ বজাৰ পৰা সন্ধিয়া ০৬:০৯ বজালৈ
হায়দৰাবাদঃ সন্ধিয়া ০৪:৫৮ বজাৰ পৰা বিয়লি ০৫:৪৮ বজালৈ
বেংগালুৰুঃ সন্ধিয়া ০৫:১২ বজাৰ পৰা সন্ধিয়া ০৫:৫৬ বজালৈ
চেন্নাইঃ সন্ধিয়া ০৫:১৩ বজাৰ পৰা বিয়লি ০৫:৪৫ বজালৈ
কলকাতাঃ বিয়লি ০৪:৫১ বজাৰ পৰা বিয়লি ০৫:০৪ বজালৈ
ভুপালঃ বিয়লি ০৪:৪২ বজাৰ পৰা সন্ধিয়া ০৫:৪৭ বজালৈ
চণ্ডীগড়ঃ বিয়লি ০৪:২৩ বজাৰ পৰা বিয়লি ০৫:৪১ বজালৈ
গুজৰাটৰ দ্বাৰকাত আটাইতকৈ বেছি সময়ৰ বাবে ১ ঘণ্টা ৪৫ মিনিট আৰু পশ্চিমবংগৰ কলকাতাত আটাইতকৈ কম সময়ৰ বাবে মাত্ৰ ১২ মিনিটৰ বাবে আংশিক সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব। দিল্লী আৰু মুম্বাইত ই ক্ৰমে ১ ঘণ্টা ১৩ মিনিট আৰু ১ ঘণ্টা ২০ মিনিটলৈকে চলিব। হায়দৰাবাদত আংশিক গ্ৰহণৰ সময় ৪৯ মিনিট, বেংগালুৰুত ৪৪ মিনিট, চণ্ডীগড়ত ১ ঘণ্টা ১৮ মিনিট আৰু চেন্নাইত ৩১ মিনিট। অৱশ্যে অসমৰ পৰা এই সূর্যগ্ৰহণ দৃশ্যমান নহ’ব ৷