জনপ্ৰিয় টিভি ধাৰাবাহিক স্বাভিমান আৰু ৩ ইডিয়টছত কৰা অভিনয়ৰ বাবে পৰিচিত প্ৰবীণ অভিনেতা অৰুণ বালিৰ শুকুৰবাৰে পুৱা মুম্বাইৰ নিজা বাসগৃহত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।দীর্ঘদিন ধৰি অভিনেতা গৰাকী কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁক চলিত বৰ্ষৰ আৰম্ভণিতে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ পুত্ৰ অংকুছে প্ৰকাশ কৰা অনুসৰি আজি পুৱা প্ৰায় ৪.৩০ বজাত বালিয়ে শেষ নিশ্বাস ত্যাগ কৰে।
ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ককাক হিচাপে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা লেখ টেণ্ডনৰ টিভি শ্ব’ দুছৰা কেভালৰ জৰিয়তে বালিয়ে অভিনয়ৰ জগতত আত্মপ্ৰকাশ কৰে ৷ তাৰ পিছত চাণক্য, স্বাভিমান, দেছ মে নিক্লা হোগা চান্দ, কুমকুম – এক প্যাৰা সা বন্ধন আদিকে ধৰি এখনৰ পাছত আন এখন ধাৰাবাহিকত তেওঁ অভিনয় কৰে ৷ তেওঁৰ কেইখনমান জনপ্ৰিয় ছবি হৈছে- সৌগন্ধ, ৰাজু বন গয়া জেন্টলমেন, খালনায়ক, সত্য, হেই ৰাম, লগা ৰহো মুন্না ভাই, থ্ৰী ইডিয়টছ, ৰেডি, বৰফী, মনমাৰজিয়ান, কেদাৰনাথ, সম্ৰাট পৃথ্বীৰাজ, লাল সিং চদ্দা।
শুকুৰবাৰে মুক্তি পোৱা অমিতাভ বচ্চন আৰু ৰশ্মিকা মাণ্ডানাই অভিনয় কৰা গুডবাই নামৰ ছবিখনত তেওঁ শেষবাৰৰ বাবে অভিনয় কৰিছিল ৷ ।ইহসংসাৰত বালিয়ে এজন পুত্ৰ আৰু তিনিগৰাকী কন্যাক এৰি থৈ যায়।