অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰক শ্ৰদ্ধা জনাই আজি সমগ্ৰ অসমতে পালন কৰা হয় শ্বহীদ দিৱস ৷ ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ৷ এইগৰাকী শ্বহীদৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আৰু ছবছৰীয়া অসম আন্দোলনৰ আন ৮৫৫ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ১০ ডিচেম্বৰত সমগ্ৰ অসমতে পালন কৰা হয় এই শ্বহীদ দিৱস ।
১৯৭৯ চনত ঘৰৰ পৰা ওলাই আহোতেই ভৱানীপুৰ চকত ভবানীপুৰ ঘাইপথৰ কাষত আৰক্ষী জোৱানৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা বৰপেটা জিলা ছাত্ৰ সন্থাৰ ২২ বছৰীয়া সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক অসম আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে প্ৰতি বছৰেই শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে এই সময়ছোৱাত অসম আন্দোলনত শ্বহীদ হৈছিল ৮৫৫ গৰাকীতকৈও অধিক চফল অসমীয়া ডেকা ।
কিন্তু এতিয়াও এই প্ৰশ্ন উত্থাপিত হয় যে শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত কি পালে অসমে ?
আজিৰ দিনটোত এই শ্বহীদ দিৱস উদযাপনৰ কিবা তাৎপৰ্য্য আছেনে ?
এই শ্বহীদ দিৱসে কেনেদৰে প্ৰভাৱিত কৰিছে নৱ প্ৰজন্মক নাইবা কি বাৰ্তা বহন কৰিছে নতুন প্ৰজন্মৰ বাবে ৷ হয়তো তাৰ কোনো উত্তৰ নাই অসম বাসীৰ ওচৰত ৷কিয়নো আজিলৈকে ৰূপায়ন নহ’ল অসম চুক্তি কিম্বা সমাধান নহ’ল অসমৰ বিদেশী সমস্যা ৷ চুক্তিখনৰ তিনিটা দশকৰ পাছতো চৰকাৰে ইয়াক কাৰ্যকৰী কৰাৰ বাবে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাই। চুক্তিখনৰ দফাসমূহ কাৰ্যকৰী কৰিবলৈ সমিতিৰ পিছত সমিতি গঠন কৰা হয়, কিন্তু প্ৰক্ৰিয়াটোত কোনো অগ্ৰগতি হোৱা নাই।
কি আছিল এই চুক্তিৰ মূল উদ্দেশ্য ?
এই চুক্তিৰ মূল উদ্দেশ্য আছিল বিদেশীক ধৰা পেলোৱা আৰু বিতাড়ন নিশ্চিত কৰা ।অৱশ্যে আছুৰ নেতা আৰু ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী – ৰাজীৱ গান্ধী স্বাক্ষৰিত অসম চুক্তিৰ পিছত ১৯৮৫ চনৰ আগষ্ট মাহত এই আন্দোলনৰ কাৰ্যসূচীৰ অন্ত পৰে।