১৯৭৯ চনৰ আজি দিনটোতে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ কথা সুৱঁৰি তথা অসমৰ হকে প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদৰ ত্যাগক প্ৰণিপাত জনাই প্ৰতিবছৰে ১০ডিচেম্বৰৰ দিনটোত শ্বহীদ দিৱস উদযাপন কৰা হয় ৷
অসম আন্দোলনত যি সকলে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি নিজ মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিছিল সেই শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবেই আজি সমগ্ৰ অসমতে পালন কৰা হয় শ্বহীদ দিৱস ৷জাতীয় জীৱনৰ বাবে তেওঁলোকৰ যি ত্যাগ সেয়া চিৰ স্মৰণীয় ৷