অসমৰ জাতীয় -জনগোষ্ঠীয় সংগঠন সমুহৰ অন্যতম জাতীয় সংগঠন অসমীয়া যুৱ মঞ্চই অসমৰ প্ৰতিটো জাতীয় সমস্যা তথা অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে জাগ্ৰত প্ৰহৰীৰ দৰে বলিষ্ঠ পদক্ষেপেৰে বৰ্তমান ৰাইজৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছে।যোৱা ইং ২৫ আৰু ২৬ ডিচেম্বৰ তাৰিখে অসমীয়া যুৱ মঞ্চ লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত লক্ষীমপুৰবাসী ৰাইজৰ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু যুৱ মঞ্চৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সফল সমাপ্তি ঘটে। উক্ত অধিৱেশনৰ প্ৰতিনিধি সভাই নিৰ্বাচিত কৰা অসমীয়া যুৱ মঞ্চৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি হিচাপে যাদৱ গগৈ আৰু সাধাৰণ সম্পাদক হিচাপে অনুপম শইকীয়া নিৰ্বাচিত হয়। অহা ইং ২৯ ডিচেম্বৰত গুৱাহাটী দিছপুৰ প্ৰেছক্লাৱত নৱ-নিৰ্বাচিত সমিতিখনৰ শপত গ্ৰহন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শপত গ্ৰহন অনুষ্ঠানত অসমৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই অংশ গ্ৰহন কৰিব।