দৌল পূৰ্ণিমাৰ দিনটোতে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ হহ’ব ৷ ২৫ মাৰ্চ সোমবাৰে চন্দ্ৰক কিছু ঘন্টাৰ বাবে পৃথিৱীৰ ছাঁই আংশিকভাৱে আৱৰি ৰাখিব। পৃথিৱীৰ এক বিস্তৃত অঞ্চলৰ পৰা দেখা পোৱা যাব চন্দ্ৰগ্ৰহণ। অৱশ্যে ভাৰতৰ পৰা দেখা পোৱা নাযাব এই চন্দ্ৰগ্ৰহণ ৷
সোমবাৰৰ চন্দ্ৰগ্ৰহণ মূলতঃ বিশ্বৰ পশ্চিম গোলাৰ্ধৰ পৰা দেখা যাব বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে। উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মানুহে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পাব। ইয়াৰ উপৰিও আয়াৰলেণ্ড, স্পেইন, বেলজিয়াম, ইংলেণ্ড, দক্ষিণ নৰৱে, ইটালী, পৰ্তুগাল, চুইজাৰলেণ্ড, ৰাছিয়া, জাৰ্মানী, ফ্ৰান্স, আৰু নেদাৰলেণ্ডৰ কিছুমান অঞ্চলৰ পৰাও পৰিলক্ষিত হ’ব। অৱশ্যে ভাৰতৰ কোনো প্ৰান্তৰ পৰা দৌল চন্দ্ৰগ্ৰহণ দেখা নাযায়।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি ২৪ মাৰ্চৰ গভীৰ নিশাৰ পৰা ২৫ মাৰ্চৰ পুৱালৈকে চন্দ্ৰগ্ৰহণ চলি থাকিব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২:৪৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু ৩:১০ বজাত অন্ত পৰিব ৷ এই সময়ত ভাৰতত দিনৰ পোহৰ থাকিব, গতিকে চন্দ্ৰগ্ৰহণ দেখা নাযায়। ভাৰতৰ দোল উৎসৱতো গ্ৰহণৰ কোনো প্ৰভাৱ নপৰে।
সোমবাৰৰ চন্দ্ৰগ্ৰহণত এক বিশেষত্ব হ’ল যে ই চন্দ্ৰৰ সম্পূৰ্ণ বা আংশিক গ্ৰহণ নহয়। ইয়াক ‘পেনাম্ব্ৰাল’ চন্দ্ৰগ্ৰহণ বোলা হয়। সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য্য, পৃথিৱী আৰু চন্দ্ৰ সাধাৰণতে একেটা সৰলৰেখাত থাকে। ফলত সূৰ্যৰ পোহৰ পৃথিৱীত পৰে আৰু পৃথিৱীৰ ছায়াই চন্দ্ৰক আবৰি ধৰে। ‘পেনুম্ব্ৰাল’ গ্ৰহণৰ ক্ষেত্ৰত এনে নহ’ব। এই পৰ্যায়ত পৃথিৱীয়ে সূৰ্যৰ পোহৰ সম্পূৰ্ণৰূপে লুকুৱাব নোৱাৰে। বৰং চন্দ্ৰৰ উজ্জ্বলতা অলপ কমি যায়। ইয়াক আংশিক গ্ৰহণ বুলিও ক’ব নোৱাৰি।
নাছাৰ পৰিসংখ্যা অনুসৰি সোমবাৰৰ পিছত বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ ছেপ্টেম্বৰ মাহত হ’ব। ১৮ ছেপ্টেম্বৰত আংশিক চন্দ্ৰগ্ৰহণ হ’ব । ইয়াক আফ্ৰিকা, আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন প্ৰান্তৰ পৰা দেখা যায়।