অ’মিক্ৰনৰ বিষয়ে অহা শেহতীয়া তথ্য অনুসৰি জানিব পৰা মতে অ’মিক্ৰন ভেকছিন ৰোগ প্ৰতিৰোধ ক্ষমতা নেওচি বিয়পিব পাৰে আৰু বাস্তৱিকতে আমি প্ৰতক্ষ কৰিছো যে দেশতো অতি কম সময়তে বিয়পিছে অ’মিক্ৰন৷
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ মতে এছ. আৰ. এছ.-চি.ও.ভি.-২ৰ আটাইতকৈ নতুন প্ৰকাৰটোৱে সেইসকলকহে সহজে সংক্ৰমিত কৰিব পাৰে যিসকল আগতে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বা সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছে৷ আনহাতে সংস্থাই এইটোও জনাইছে যে ডেল্টা প্ৰকাৰৰ তুলনাত অ’মিক্ৰনৰ প্ৰকাৰ মৃদু ৷
আনহাতে আগৰ প্ৰকাৰবোৰৰ দৰেই এই ভেৰিয়েণ্টৰ ফলতো ৰোগীয়ে ভাগৰ বা অত্যাধিক অৱসাদ অনুভৱ কৰে ৷
দক্ষিণ আফ্ৰিকাৰ চিকিৎসক এঞ্জেলিক কোয়েটিজৰ মতে ,অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত ব্যক্তিসকলে ডিঙিৰ বিষৰ সলনি ডিঙিৰ খজুৱতিৰ অভিযোগ কৰিছিল ৷ক’ভিড ১৯ৰ জ্বৰ এক সাধাৰণ লক্ষণ যদিও আগৰ প্ৰকাৰবোৰত ৰোগীৰ ওপৰত জ্বৰে দীঘলীয়া প্ৰভাৱ পেলাইছিল কিন্তু এই শেহতীয়া প্ৰকাৰটোৱে ৰোগীক মৃদু জ্বৰত আক্ৰান্ত কৰে আৰু বহু সময়ত ই নিজে নিজে থিক হয়৷
দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিভাগৰ আন এক তথ্যত চিকিৎসক উনবেন পিল্লাই ৰোগীসকলে অনুভৱ কৰি থকা লক্ষণবোৰ তালিকাভুক্ত কৰিছে ৷ তেওঁ জনোৱামতে নিশা ঘামি জামি উঠা নতুন অ’মিক্ৰন ভেৰিয়েণ্টৰ এক প্ৰধান লক্ষণ ৷ কেতিয়াবা ৰোগীৰ ইমান ঘাম ওলাই যে একেবাৰে ঠাণ্ডা ঠাইত শুই থাকিলেও বিচনাৰ কাপোৰ কানি তিতি যায়৷ চিকিৎসকৰ মতে ইয়াৰ সৈতে শৰীৰৰ বিষ সহ অন্য লক্ষণো থাকিব পাৰে ৷আনহাতে তেওঁলোকে জনোৱা মতে শুকান কাঁহ এই ভেৰিয়েণ্টৰ এক লক্ষণ অৱশ্যে আগৰ প্ৰকাৰ সমূহতো ই এক সাধাৰণ লক্ষণ আছিল ৷
এতিয়ালৈকে এই কথা প্ৰমাণিত হৈছে যে এই নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ প্ৰকাৰত কেৱল মৃদু লক্ষণবোৰেহে দেখা দিছে ৷ আগৰ প্ৰকাৰবোৰৰ লক্ষণসমূহৰ বিপৰীতে অ’মিক্ৰন ভেৰিয়েণ্টত গোন্ধ বা সোৱাদ হেৰুৱাৰ কোনো লক্ষণ নাই আৰু নাই তীব্ৰ জ্বৰৰ কোনো লক্ষণ ৷